Site icon Guwahati Times

‘২৫ হাজাৰ বিহুৱা বিহুৱতী লৈ দিল্লীলৈ যাম আৰু ভাৰত হিলাই দিম’: হিমন্ত বিশ্ব শৰ্মা

আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী। কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিশ্ব ৰেকৰ্ড গঢ়া বিহুৱা-বিহুৱতীলৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে ২৫ হাজাৰকৈ মাননি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী।

মিথানল প্ৰকল্পৰ সামগ্ৰী ৰপ্তানিৰ শুভাৰম্ভ অনুষ্ঠানটো অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিৱেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। জয়পুৰ চাৰিআলি-দিল্লীঘাট সংযোগী পথৰ শিলান্যাসো কৰিব শৰ্মাই।

উল্লেখযোগ্য যে ২০২৬ত দিল্লীত বিহু প্ৰদৰ্শনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। একেলগে ২৫ হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰিব বিহু। ডিব্ৰুগড়ৰ বিশ্ব ৰেকৰ্ড গঢ়া ঢুলীয়া-নাচনীক সম্বৰ্ধনা জনাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

Exit mobile version