Site icon Guwahati Times

মুখ্যমন্ত্ৰীয়ে আজি প্ৰদান কৰে কেইবাটাও নিৰ্দেশ

অসমলৈ বিভিন্ন ৰাজ্যৰপৰা উভতি অহা শ্ৰমিকসকলক সাহায্য প্ৰদান আৰু তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰী নৱ কুমাৰ দলে আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

মুখ্যমন্ত্ৰীয়ে আজি কেইবাটাও নিৰ্দেশ প্ৰদান কৰে-

➡️ প্ৰব্ৰজিত শ্ৰমিকসকলক এম জি এনৰেগাৰ অধীনত শীঘ্ৰে জব কাৰ্ড প্ৰদানৰ লগতে কামত নিয়োগ

➡️ শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান

➡️ শ্ৰমিকসকলৰ দক্ষতাৰ বুজ লোৱাৰ বাবে এক ডিজিটেল প্লেটফ’ৰ্মৰ ব্যৱহাৰ আৰু ব্ল’ক পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা

➡️ “আত্মনিৰ্ভৰ ভাৰত”ৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক উৎসাহিত কৰা আৰু ইয়াৰ বাবে এই খণ্ডৰ জিলাভিত্তিক তালিকা প্ৰস্তুত তথা বৰ্তমানৰ স্থিতিৰ প্ৰতিবেদন যুগুত কৰা

➡️ উৎপাদনমুখী কাম-কাজত নিয়োজিত হ’ব পৰাকৈ শ্ৰমিকসকলে যাতে বেংকৰ প্ৰয়োজনীয় ঋণ লাভ কৰিব পাৰে, তাৰ বাবে বেংকৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান

Exit mobile version