নগাঁৱত লকডাউন সময়ৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল’লে আৰক্ষী সঞ্চালক প্ৰধান – Guwahati Times

নগাঁৱত লকডাউন সময়ৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল’লে আৰক্ষী সঞ্চালক প্ৰধান

👉নগাঁৱত লকডাউন সময়ৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল’লে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

👉নগাঁও আৰক্ষী চাউনিৰ সভাকক্ষত নগাঁৱৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সকলৰ লগত এক বৈঠকটো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকী |

👉ইফালে নগাঁৱত সাংবাদিকৰ আগত COVID- 19 ত আক্ৰান্ত হৈ লুকুৱাই থকা ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ’ব বুলি সকিয়াই দিয়াৰ লগতে তেওঁলোকক আশ্ৰয় ৰখা সকলকো সুদাই এৰা নহব বুলি সকিয়াই দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

👉তদুপৰি চ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰোধিতা কৰিবলৈ গৈ অতি অশালীন, আপত্তিজনক আৰু চৰিত্ৰহনন কাৰী সাম্প্ৰদায়িক বিপদ চপাব পৰা পোষ্ট দি অসভ্যালি কৰা সকলক ৰেহাই দিয়া নহ’ব আৰু এই সন্দৰ্ভত অভিভাৱক সকলক সতৰ্ক হ’বলৈ আহ্বান জনাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

error: Content is protected !!