নীপকোৱে এৰিলে ৰঙানদীত পানীঃ কালৰূপ ধৰা নদীখনৰ বানৰ কবলত কুৰিখনৰো অধিক গাঁওঃ উটুৱাই নিলে চাৰিখন দলং

0 min read

গুৱাহাটী: ক’ৰোনা মহামাৰীৰ ভয়াৱহ সংক্রমণত সকলো কম্পমান হৈ থকাৰ মাজতে লখিমপুৰত ভূতৰ ওপৰত দানহ পৰা দি যোৱানিশাৰে পৰা আৰম্ভ হৈছে ৰঙানদীৰ বানৰ তাণ্ডৱ৷ সাগৰীয় ঘূর্ণি বতাহ উম্পুনৰ পার্শ্বক্রিয়াত পৰহিৰ পৰা লেথাৰি নিছিগাকৈ হৈ থকা বৰষুণে জনজীৱন বিপর্যস্ত কৰাৰ মাজতে যোৱানিশাৰ পৰা ৰঙানদী জলবিদ্যুৎ প্রকল্প নির্মাণকাৰী প্রতিষ্ঠান ‘উত্তৰ–পূব শক্তি নিগম’ চমুকৈ নীপকোৱে প্রকল্পৰ ৫নং গেট খুলি জলাধাৰৰ অতিৰিক্ত পানী ৰঙানদীত এৰি দিয়ে৷

দুপাৰ উপচি পৰা নদীখনৰ পানীয়ে লখিমপুৰ নগৰৰ নামনি দিশে আমতলা, দোৱাপাৰ, জৈনপুৰ আদি বহু গাঁও বুৰাই পেলোৱাৰ উপৰি এলেকাটোত ৰঙানদীৰ ওপৰত থকা বাঁহ–কাঠৰ দলং উটুৱাই লৈ যায়৷

আনহাতে উক্ত এলেকাত মথাউৰি উন্মুক্ত হৈ থকাত বৃহৎ অঞ্চলটোৰ শতাধিক গাঁৱৰ প্রতি নদীখনে ভাবুকিৰ সৃষ্টি কৰিছে৷

নগৰখনৰ উজনি দিশেও নদীখনে ৰুদ্রমূর্তি ধাৰণ কৰিছে৷ বিশেষকৈ ১নং আৰু ২নং পাঁচনৈ, কুলাবিল, ডিজুপথাৰ, ডিজু চাপৰি, নাৰায়ণপুৰীয়া, পাভ নদী আদি দহখন মান গাঁও বানৰ কবলত পৰিছে৷

You May Also Like

More From Author