Site icon Guwahati Times

Miss Teen Divaৰ চূড়ান্ত প্ৰতিযোগিতালৈ গুৱাহাটীৰ বৰ্ষা কিৰণ !

শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চল তথা অসমস পৰা Miss Teen Divaৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈ গুৱাহাটীৰ বৰ্ষা কিৰণে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, মাত্ৰ ৭ বছৰ বয়সৰ পৰা মডেলিংৰ জগতত খোজ পেলোৱা বৰ্ষা কিৰণে উত্তৰ-পূবৰ প্ৰায়সংখ্যক প্ৰতিযোগিতাৰ লগতে দেশৰ বিভিন্ন প্ৰতিযোগিতাত সুন্দৰ ৰেম্প ৱাকেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ লখৰাস্থিত থকা স্প্ৰিং ডেল ইণ্টাৰনেছনেল স্কুলৰ অষ্টম মানৰ ছাত্ৰী বৰ্ষাই বিজয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যবাসীৰ সহায়-সহযোগীতা কামনা কৰিছে। 

ইপিনে, অহা ডিচেম্বৰ মাহত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখনত বৰ্ষাক চূড়ান্ত প্ৰতিযোগীতাখনত সফলতাৰে জয়ী হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাত সহায় কৰিবলৈ অসমবাসীয়ে www.missteendiva.com ত ভোটদান কৰিব পাৰিব। শেষত টিন মডেল গৰাকীয়ে অসমবাসীৰ পৰা আশীষ বিচাৰি জয়ী হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা ব্যক্ত কৰে। 

Exit mobile version