Site icon Guwahati Times

মানচেষ্টাৰৰ ৰাজপথত কান্দি উঠিল অসমীয়া গাভৰু, এদল যুৱকে কৰিলে কল্পনা কৰিব নোৱাৰা কাণ্ড

ইংলেণ্ডৰ প্ৰসিদ্ধ চহৰ মানচেষ্টাৰত এগৰাকী ২৪ বছৰীয়া অসমীয়া যুৱতীক ডকাইতি কৰি প্ৰহাৰ কৰে দুৰ্বৃত্তই।

এই বিষয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ ফোনটো বাট আগচি ধৰি কেনেদৰে একাংশ দুৰ্বৃত্তই কাঢ়ি লৈছিল সেই বিষয়ে প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে লগতে কয় যে ফোন কাঢ়ি নিয়াৰ লগতে তেওঁক মাৰপিটো কৰা হৈছিল।

এই ঘটনা সংঘটিত হয় যুৱতীগৰাকী ৰাতিপুৱা প্ৰায় ৫ বজাত কামৰ পৰা উভতি অহাৰ সময়তে। গুৰুত্বপূৰ্ণ যে দুৰ্বৃত্তই লুট-পাত চলোৱাৰ সময়ত যুৱতীগৰাকীয়ে সহায়ৰ বাবে ‘চিঞৰি’ আছিল যদিও কোনেও তেওঁক সহায় কৰিবলৈ অহা নাছিল।
ছ’চিয়েল মিডিয়াত ২৪ বছৰীয়া যুৱতীগৰাকীয়ে কয়- ”মোক টানি নিয়া হৈছিল আৰু মাৰপিট কৰা হৈছিল, ঘটনাটোৱে মোক পৰা ভীতবিহ্বল কৰি তুলিছিল। মোৰ ভাব হৈছিল মই মৰি যাম।”

Exit mobile version