Site icon Guwahati Times

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বাবলী নাথৰ কৃতিত্ব। গোৱাত অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

এনে প্ৰতিযোগিতাত ডাক সেৱা বিভাগৰ ‘অসম চাৰ্কোল’ৰ হৈ ছয়গাঁও কৈমাৰী গাঁৱৰ নিবাসী বিনোদ কুমাৰ নাথ আৰু ইলা সাউদ নাথৰ জ্যেষ্ঠ কন্যা বাবলী নাথে আধুনিক গীত,কামৰূপী লোকগীত আৰু গীটাৰ বাদনত প্ৰথম স্থান লাভ কৰে।

প্ৰতিভাৱান শিল্পীগৰাকীৰ এনে সাফল্যত ছয়গাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে উক্ত সমাৰোহত ১৯ খন ৰাজ্যই প্ৰতিনিধিত্ব কৰিছিল।

Exit mobile version