Site icon Guwahati Times

নতুন দিল্লীৰ ভাৰাঘৰত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ

কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ অকাল মৃত্যুক আকােৱালি ল’লে এগৰাকী অসমীয়া যুৱতীয়ে।

দেশৰ ৰাজধানী দিল্লীলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী অসমীয়া যুৱতীৰ।

জানিব পৰা মতে, মৃত যুৱতীগৰাকী গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বচাপথাৰৰ পিংকী বড়ো।

ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকী বড়োৰ মৃতদেহ উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে।

অৱশ্যে বাতৰি লিখা পর্যন্ত যুৱতীগৰাকীৰ মৃত্যু সম্পৰ্কীয় সবিশেষ তথ্য উদ্ধাৰ হোৱা নাই।

এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

জানিব পৰা মতে, বাংগালুৰুত কৰ্মৰত আছিল যুৱতীগৰাকী।

কিছুদিন পূৰ্বে দিল্লীলৈ ফুৰিবলৈ গৈছিল পিংকী।

অসমৰ পৰা প্ৰায় ৪ বছৰ পূৰ্বে বাংগালুৰুলৈ কৰ্মৰ সন্ধানত গৈছিল পিংকী।

যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যজনক। মৃতদেহ চমজি লবলৈ দিল্লীলৈ ৰাওনা পিংকী বড়োৰ পিতৃ-মাতৃ।

উল্লেখ্য যে কিছুদিন পূর্বে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউপিএছচি)ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে প্ৰস্তুতি চলাই থকা গুৱাহাটীৰ ৰাকেশ সিং নামৰ এজন যুৱকৰো দিল্লীৰ তিলক নগৰস্থিত ভাৰাঘৰত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল।

Exit mobile version