Site icon Guwahati Times

আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে

প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম, উত্তৰ-পূৱৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব।

শনিবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি এই কথা ব্যক্ত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিযোগী অনামিকাই। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপ সম্পৰ্কে দেশত এতিয়াও বহু লোক জ্ঞাত নহয়। কিন্তু বাহিৰৰ দেশত এই প্ৰতিযোগিতা অতি বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰা হয়। ইপিনে, নিজৰ গাঁঠিৰ ধন ভাঙি এক ব্যয়বহুল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’বলৈ আগবঢ়া অনামিকাই বিচাৰিছে চৰকাৰ আৰ্থিক সাহায্য। উল্লেখ্য যে বৰ্তমান গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (Sports Authority of India) NCOE (National Centre of Excellence) স্পৰ্টছ মাচাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনামিকাৰ তত্বাৱধানত আছিল তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়ো আদি।

Exit mobile version