Site icon Guwahati Times

ইংলেণ্ডৰ Cheshire Fashion Week 2023-ত অসমক উজলালে মিস্খা শৰ্মাই

ইংলেণ্ডৰ চেশ্বাৰ ফেশ্বন উইক ২০২৩-ত অসমক উজলালে মিস্খা শৰ্মাই

অসমৰ যুৱতী তথা বৰ্তমান ইংলেণ্ডৰ বাসিন্দা মিস্খা শৰ্মা হয়টো সকলোৰে পৰিচিত। এগৰাকী উইটিউবাৰ ৰূপে মিস্খাক সকলোৱে হয়টো চিনি পায়। এইবাৰ এইগৰাকী মিস্খা শৰ্মাই ইংলেণ্ডৰ চেশ্বাৰ ফেশ্বন উইক ২০২৩-ত অসমক উজলালে। ইংলেণ্ডৰ চেশ্বাৰ ফেশ্বন উইক ২০২৩-ত চাদৰ মেখলা পিন্ধি অসমক প্ৰতিনিধিত্ব কৰালে মিস্খাই।

তেওঁ ছচিয়েল মিডিয়াত লিখিছে- “ইংলেণ্ডত আমাৰ উত্তৰ-পূব অসমক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক যাদুকৰী আৰু অতি গৌৰৱৰ মুহূৰ্ত আছিল। চেশ্বাৰ ফেশ্বন উইক ২০২৩ত ব্ৰিটিছ মাৰ্জিত স্পৰ্শ যোগ কৰিবলৈ ফেচিনেটৰৰ সৈতে অসমীয়া চাদৰ মেখলা পিন্ধিছিলোঁ। মোৰ প্ৰিয় ভূমি দুখন অসম আৰু ইংলেণ্ডৰ প্ৰতি মোৰ বিনম্ৰ কৃতজ্ঞতা দিব বিচাৰিছোঁ, যিয়ে মোক অহৰহ প্ৰচুৰ মৰম, সহায় আৰু আশীৰ্বাদ দি আহিছে। সেয়েহে ইংলেণ্ডৰ এটা ডাঙৰ ফেশ্বন উইকত এই লুকটোৰে এই দুখন ভূমিক একত্ৰিত কৰিবলৈ চেষ্টা কৰিলোঁ। লণ্ডনৰ বাহিৰত যিটো চেশ্বাৰ ফেশ্বন উইক ২০২৩, য’ত মোক প্ৰভাৱশালী অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

আমাৰ মৰমৰ চাদৰ মেখেলাক স্পৰ্শ কৰি অনুভৱ কৰি ব্ৰিটিছ মানুহে প্ৰশংসা কৰা দেখি মই আৱেগিক আৰু আপ্লুত হৈ পৰিছিলোঁ। তেওঁলোকে মোক অসম, অসমীয়া ডিজাইন, আমাৰ সাজ-পোছাক আৰু আমাৰ অসমীয়া সংস্কৃতিৰ সকলো কথা সুধিছে।
প্ৰবাসী ভাৰতীয় হিচাপে সেই মুহূৰ্তত মই কিমান আৱেগিক আছিলো আৰু গৌৰৱ অনুভৱ কৰিছিলো সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। আমাৰ অসমৰ প্ৰচাৰ আৰু আপোনালোকক সদায়ৰ দৰে গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰি যাম।”

Exit mobile version