বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

1 min read

আমগুৰি, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিজ্ঞান শাখাত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই ৷ ছাত্ৰগৰাকী আমগুৰিৰ অৰুণোদয় একাডেমীৰ শিৱানুজ বৰকটকী ৷ মুঠ ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱানুজে ৷ আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ পুত্ৰ শিৱানুজে ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য মনত পুহি ৰাখিছে ৷ উল্লেখ্য যে, ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিৱানুজে অৰুণোদয় একাডেমীৰ পৰা সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ছাত্ৰগৰাকীয়ে অক্ষুন্ন ৰখা এই সাফল্যৰ ধাৰাবাহিকতাই উৎফুল্লিত কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক ৷

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখলেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই শিৱানুজ বৰকটকীয়ে ৷

You May Also Like

More From Author