তৃতীয় স্থান দখলেৰে গৌৰৱ কঢ়িয়ালে জ্যোতিষ্মানে ; ৬ গৰাকী ছাত্র-ছাত্ৰীয়ে নাম উজলালে নলবাৰীৰ

1 min read

নলবাৰী জিলাৰ বৰভাগ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে ৬ গৰাকী কৃতিমান ছাত্র-ছাত্ৰীয়ে শিক্ষাৰ নৱদ্বীপ নলবাৰী নাম উজলালে এইবাৰ। জিলাখনৰ বৰভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে।তেওঁৰ পিতৃ শিক্ষক কুলেশ্বৰ শৰ্মা আৰু মাতৃ গৃহিণী।ছাত্র জনে ইংৰাজী বিষয়ৰ টিউচনৰ সহায়ৰে পঢ়া শুনা কৰিছিল। ভৱিষ্যতে তেওঁৰ এগৰাকী চিকিৎসক হোৱাৰ সপোন। তেওঁ দৈনিক ৮ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি জনায়।

চতুৰ্থ স্থান দখল কৰিলে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নমস্যা ডেকাই। তেওঁৰ পিতৃ এগৰাকী শিক্ষক।কোনো ধৰণৰ বিশেষ ভাৱে পঢ়াৰ সময় নাছিল ছাত্ৰীগৰাকীৰ, তেওঁ যেতিয়াই সময় পায় তেতিয়াই অধ্যয়ন কৰিছিল। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰী গৰাকীয়ে।
পঞ্চম স্থানত উজলিল কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰকজ্যোতি বৈশ্য।মেধাৱী ছাত্ৰজনৰ পিতৃ এগৰাকী শিক্ষক আৰু মাতৃ অংগনবাদী কৰ্মী হিচাপে কৰ্মৰত।ছাত্র গৰাকীয়ে দৈনিক ৮ /১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল।
শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ পৰা ক্ৰমে মাচুম মেহতাৱ আৰু ইমন বৈশ্যই দুয়োজন ছাত্ৰই ৫৮৫ নম্বৰৰে নৱম স্থান দখল কৰিলে।ছাত্ৰ দুজনৰ সফলতাত উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে।
নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা ১০ ম স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে শশাংক হালৈয়ে। স্থান অধ্কাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া অধিকাংশ বিদ্যালয়েই নলবাৰীৰ ব্যক্তিগত খণ্ডৰ।প্ৰতিজন ছাত্ৰ ছাত্ৰীক বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে।

You May Also Like

More From Author