পাকিস্তান সীমান্তত শ্বহীদ অসমৰ বীৰ জোৱান হৰধন ৰায়

1 min read

গুৱাহাটীঃ পাকিস্তান সীমান্তত শ্বহীদ হ’ল অসমৰ বীৰ জোৱান হৰধন ৰায়। পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘা কৰি সীমান্তত চলা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিবলৈ যোৱা অৱস্থাত শ্বহীদ হয় হৰধন ৰায়। দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান হৰধন ৰায়ৰ ঘৰ ধুবুৰীৰ সাপটগ্ৰামৰ ফুটুকীবাৰী মেধিপাৰা গাঁৱত।

টংকেশ্বৰ ৰায় আৰু অনিমা ৰায়ৰ একমাত্ৰ পুত্ৰ আছিল শ্বহীদ হৰধন ৰায়। পত্নী আৰু পুত্ৰ সন্তানেৰে হৰধন ৰায়ৰ আছিল এখন সুখৰ সংসাৰ। লকডাউনৰ সময়ত ঘৰলৈ আহি মাত্ৰ কেইদিন পূৰ্বে কৰ্মক্ষেত্ৰলৈ উভতি গৈছিল শ্বহীদ হৰধন ৰায়। বীৰ জোৱানজনৰ স্মৰণত শোকত ভাগি পৰিছে মেধিপাৰা গাঁৱৰ ৰাইজ।

তেওঁ ২০০১চনত ভাৰতীয় সেনাৰ ৫৯নং আর্টিলাৰী ৰেজিমেণ্টত জোৱান হিচাপে যোগদান কৰিছিল৷

উল্লেখ্য যে জম্মু–কাশ্মীৰৰ উৰি সীমান্তত পাক সেনাই কৰা গুলীবৰ্ষণত ৩ সেনা জোৱান, ১ জন বিএছএফ জোৱানৰ লগতে নিহত হয় সীমান্তৰ ৬ জনকৈ লোক।

 

Source: News Live

You May Also Like

More From Author