অসম–নাগালেণ্ড সীমান্তত সশস্ত্র এনএছচিএনৰ সন্ত্রাসঃ চেলেংহাট–গোসাঁইবাৰীত চাহ বাগিচাৰ শ্রমিকক অপহৰণ

0 min read

যোৰহাট জিলাৰ চেলেংহাট অঞ্চলৰ অসম–নাগালেণ্ড সীমান্তত পুনৰ সংঘটিত হৈছে নগা উগ্রপন্থী সংগঠন এন এছ চি এনৰ সন্ত্রাস৷ প্রাপ্ত বাতৰি অনুসৰি চেলেংহাট আৰক্ষী চকীৰ অন্তর্গত গোসাঁইবাৰীত শুকুৰবাৰে দিন–দুপৰতে সশস্ত্র এন এছ চি এনৰ এটা দলে ক্ষুদ্র চাহ বাগিচাৰ এগৰাকী শ্রমিকক অপহৰণ কৰাক কেন্দ্র কৰি সীমান্তত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷

শুকুৰবাৰে দিনৰ প্রায় ১২বজাত গোসাঁইবাৰী গাঁৱৰ সমীপত থকা এখন ক্ষুদ্র চাহ বাগিচাত কাম কৰি থকা অৱস্থাত নাৰায়ণ গগৈ নামৰ এজন শ্রমিকক সশস্ত্র এন এছ চি এনৰ এটা দলে অস্ত্র দেখুৱাই তিৰু হিলছ বনাঞ্চলৰ গভীৰ অৰণ্যৰ মাজলৈ লৈ যায়৷

আনহাতে, বিয়লি ক্ষুদ্র চাহ বাগিচাখনৰ স্বত্বাধিকাৰ বিজু ঘাটোৱাৰক ২৪ ঘণ্টাৰ ভিতৰত সশস্ত্র নগাৰ দলটোক চমজাই দিবলৈ কৈ নাৰায়ণ গগৈ নামৰ শ্রমিকজনক অপহৰণকাৰীয়ে মুকলি কৰি দিয়ে৷ পাছত চেলেংহাট আৰক্ষী চকীৰ আৰক্ষীয়ে তিৰুহিলছ বনাঞ্চলৰ ঘন জংঘলৰ পৰা শ্রমিকজনক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ আনে৷

আনহাতে, গোসাঁইবাৰী গাঁৱৰ সমীপত সামৰিক পোছাক পৰিহিত প্রায় ১০জনীয়া সশস্ত্র এন এছ চি এনৰ দলটোক দেখা পাই আন একাংশ ক্ষুদ্র চাহ শ্রমিক কথমপি পলাই আহিবলৈ সক্ষম হয়৷

মন কৰিবলগীয়া যে কিছুদিন পূর্বে গোসাঁইবাৰীৰ সমীপৰ লক্ষ্মীজান এলেকাত থকা ৰবীন কুর্মী নামৰ এজন ক্ষুদ্র চাহ খেতিয়কক নগাই ধন দাবী কৰিছিল৷

আনহাতে, নগাই দাবী কৰা ধন আদায় নিদিয়াৰ বাবে ক্ষুদ্র চাহ বাগিচাখনলৈ পাত ছিঙিবলৈ যাব পৰা নাই শ্রমিকসকল৷ সম্প্রতি নগাৰ ধাৰাবাহিক সন্ত্রাসত নিৰাপত্তাহীনতাত ভুগিছে সীমান্তৰ ক্ষুদ্র চাহ খেতিয়কসকল৷

ইফালে, অঞ্চলটোৰ নিৰাপত্তাৰ বাবে থকা চেলেংহাট আৰক্ষী চকীটোৰ দুৰৱস্থাই সীমান্তবাসীক অধিক শংকিত কৰি তুলিছে৷

উল্লেখ্য যে বৈছাহাবি চাহ বাগিচাৰ এটা জৰাজীর্ণ অস্থায়ী আৱাসত চলি আহিছে চেলেংহাট আৰক্ষী চকীটো৷ কেৱল ইমানেই নহয়, স্পর্শকাতৰ অঞ্চলটোৰ প্রায় পঞ্চাশ হাজাৰ লোকৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষী চকীটোত এজন উপ–পৰিদর্শকসহ ৪জন কনিষ্টবলে ঢাল–তৰোৱালবিহীন নিধিৰাম চর্দাৰৰ দৰে চাৰিডাল লাঠীকে সাৰথি কৰি দায়িত্ব পালন কৰিব লগা হৈছে৷

অত্যাধুনিক অস্ত্র–শস্ত্রৰে সু–সজ্জিত নগা বিদ্রোহীৰ বিৰুদ্ধে আৰক্ষী চকীটোৰ আৰক্ষীয়ে কেনেদৰে মোকাবিলা কৰিব সেয়া সহজেই অনুমেয়৷

You May Also Like

More From Author