মিজোৰ আক্ৰমণত আহত কাছাৰৰ আৰক্ষী অধীক্ষকৰ অৱস্থা অতি সংকটজনক

1 min read
সোমবাৰে অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ। মিজোৰ আক্ৰমণত আহত SP বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ অতি সংকটজনক অৱস্থাত SMCHত চিকিৎসাধীন হৈ আছে। সোমবাৰৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণত ভৰিত পাঁচটাকৈ গুলী লাগিছে আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্তৰ। ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ সকলো ব্যৱস্থা কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীক মুম্বাইলৈ লৈ যোৱাৰ উদ্দেশ্যে AIR AMBULANCE সাজু ৰাখিছে প্ৰশাসনে।
 
অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ মাজৰ সংঘৰ্ষত ইতিমধ্যে ৫ জনকৈ আৰক্ষী জোৱানৰ মৃত্যু হয়। লগতে, সংঘৰ্ষত দুৰ্বৃত্তৰ গুলীত আহত হয় মুঠ ৬৫ জন অসম আৰক্ষী জোৱান আৰু গুৰুতৰভাৱে আহত ৪৫ জনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ।

You May Also Like

More From Author