Site icon Guwahati Times

অসম-মিজোৰাম সীমান্তৰ উত্তেজনা সম্পৰ্কত প্ৰধানমন্ত্ৰীৰে আলোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম-মিজোৰামৰ সীমান্তত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম–মিজোৰামৰ সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ আঁৰত কংগ্ৰেছৰ হাত থকাৰ অভিযোগ বিজেপিৰ মুখপাত্ৰ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ।

মিজোৰামত থকা অসমীয়া লোক সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব বুলিও কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ দায়িত্বত থকা ডাঃ নোমল মমিনে। আনহাতে অসমতো মিজো লোকৰ চিন্তাৰ কোনো কাৰণ নাই বুলি কয় বিজেপিৰ বিধায়ক মমিনে।

অসম–মিজোৰামৰ উত্তেজনাক লৈ কংগ্ৰেছক ৰাজনীতি নকৰিবলৈ সকীয়নি বিজেপিৰ। অসমত মিজো লোকৰ আক্ৰমণৰ আঁৰত কংগ্ৰেছৰ হাত আছে বুলিও অভিযোগ কৰে ডাঃ নোমল মমিনে।

Source: News18Assam

Exit mobile version