Site icon Guwahati Times

স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত আজি তিতাবৰত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

তিতাবৰৰ APDCL কাৰ্যালয় ঘেৰাও কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক ।
তিতাবৰত স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কৰাৰ পাছত গ্ৰাহক সকলে বিদ্যুৎ বিল ৰিচার্জ কৰি জ্বলা কলা খাইছে ।
স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বে মাহেকত যদি বিদ্যুৎ বিল আহিছিল যদি 200 পৰা 300 টকা কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুৎ বিল আগৰ বিলৰ তুলনাত প্ৰায় চাৰি পাছ গুণ বৃদ্ধি পোৱাত সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ লোক।


আজি স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰস্থিত APDCL কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
অতি শীঘ্ৰে এই স্মার্ট মিটাৰ সমূহ উঠাই আনি পুৰণি মিটাৰ লগাই দিবলৈ দাবী জনায় ।
যদি এই দাবী মানি নলয় অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ জংগী আন্দোলন কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰা সকিয়াই দিয়ে।
প্ৰতিবাদকাৰীয়ে APDCL মূর্দাবাদ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি তিতাবৰ ৰাজপথ উত্তাল কৰি তোলে ।

Exit mobile version