Site icon Guwahati Times

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

সম্প্ৰতিক সময়ত ফেচবুক আৰু ইউটিউবত ৰিলচ্‌ বনাই বহু যুৱক যুৱতীয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ নিজৰ ইউটিউব চেনেলত ৰিলচ্‌ বনোৱা গোসাইগাঁওৰ মৰিনা খাতুন (২৪) নামৰ এগৰাকী যুৱতীক প্ৰেমৰ চলনাৰে বিয়া পাতি প্ৰতাৰণা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ৰুপচী আৰক্ষী চকীৰ অন্তৰ্গত মচলঝোৰা পাৰ্ট টু গাঁৱৰ বাসিন্দা চাহাদাত আলিৰ পুত্ৰ ফজল হক ওৰফে ফৰিদুলে যুৱতী গৰাকীৰ সৈতে ৰিলচ্‌ বনোৱাৰ জৰিয়তে পৰিচয় হৈ প্ৰেমত পৰে ৷ পৰৱৰ্তী সময়ত দুয়ো বিবাহ সম্পন্ন কৰি ছয় মাহৰ সংসাৰ কৰে যদিও ছয় মাহ পিছতে যুৱতী গৰাকীৰ মোৱাইল, ফোন পেৰ দহ হেজাৰ আৰু নগদ চল্লিশ হেজাৰ টকালৈ যুৱক জন উধাও হয় ৷ ইপিনে ফৰিদুলৰ পৰিয়ালে যুৱতী গৰাকীক নগদ পাচঁ লাখ টকা নাইবা এখন গাড়ী কিনি দিলেহে সংসাৰ কৰিব দিব বুলি ভাবুকি প্ৰদান কৰাত ঘটনা সম্পৰ্কে ২৬ জুনত ৰুপচী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও উক্ত আৰক্ষী চকীৰ বিষয়া গৰাকীয়ে আজিলৈ গোচৰ ৰুজু কৰা নাই বুলি অভিযোগ কৰে ৷

Exit mobile version