Site icon Guwahati Times

হাইলাকান্দিত ১২ বছৰ ধৰি আত্মগোপন কৰি থকা বাংলাদেশী আটক

হাইলাকান্দিৰ লালা আৰক্ষীৰ জালত অবৈধ বাংলাদেশী ৷ নিজৰ পুত্ৰ বুলি পৰিচয় দি তাজ উদ্দিন নামৰ এজন ব্যক্তিয়ে ঘৰতেই আশ্ৰয় দিছিল এজন বাংলাদেশী যুৱকক ৷

১২ বছৰে সকলোৰে চকুত ধূলি দি আশ্ৰয় লৈ থকা যুৱকজনৰ নাম এম ডি শ্যাম উদ্দিন ৷ ঘৰ বাংলাদেশৰ চিলেটত। মঙলবাৰে হাইলাকান্দিৰ লালা আৰক্ষী থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে অবৈধ বাংলাদেশীজনক। লগতে আটক কৰে নিজৰ পুত্ৰ বুলি চিনাকি দি আশ্ৰয় দি ৰখা তাজ উদ্দিন নামৰ লোকজনক।

Exit mobile version