Site icon Guwahati Times

ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীক সম্বৰ্দ্ধনা

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ স্প’ৰ্টছ ক্লাৱ পেভিলিয়নৰ প্ৰেক্ষাগৃহত ৰবিবাৰে সন্ধিয়া ডিব্ৰুগড়ত সদ্য সমাপ্ত ৫২সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। নগাঁও জিলা ভাৰোত্তোলন সংস্থাই আয়োজন কৰা এই অনুষ্ঠানটোতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলকো লগতে সম্বৰ্দ্ধনা জনোৱা হয়। সংস্থাৰ উপদেষ্টা অসীম ভাৱালে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু সন্মানীয় অতিথিৰূপে নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস উপস্থিত থাকি প্ৰতিযোগীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত ওজন ভিত্তিত প্ৰতিযোগিতাত জুনিয়ৰ ল’ৰা শাখাত আৰু পুৰুষ শাখাতো দীপাংশু দীপ্ত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে মৌচুমী বৈশ্যই জুনিয়ৰ ছোৱালী শাখাত সোণ আৰু ছিনিয়ৰ মহিলা শাখাত ব্ৰঞ্জৰ পদক,ডিম্পী শইকীয়াই জুনিয়ৰ ছোৱালী শাখাত সোণ,ৰশ্মি বাগলাৰীয়ে জুনিয়ৰ ছোৱালী শাখাত ব্ৰঞ্জ আৰু ফাইজুল আলমে যুৱ শাখাত ৰূপৰ পদক অৰ্জন কৰে। উক্ত কাৰ্যসূচীত নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া আৰু ভাৰত্তোলনত সংস্থাৰ বিষয়ববীয়া সকলৰ লগতে খেলুৱৈসকল উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version