Site icon Guwahati Times

সত্ৰীয়া নৃত্যৰে বিশ্ব দৰবাৰত চিনাকি দিবলৈ সক্ষম দক্ষিণাটৰ ৰিছা

নিউজ ব্যুৰ’,নগাঁও,১১ছেপ্টেম্বৰ:– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি সত্ৰীয়া নৃত্যৰ জৰিয়তে দেশ তথা বিশ্বদৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী যুৱতী। এই যুৱতীগৰাকী হৈছে বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ শিক্ষক নিকুঞ্জ মোহন শৰ্মা আৰু ইৰানী গোস্বামীৰ কন্যা ৰিছা কাশ্যপ। উল্লেখ্য যে ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত কৰা হৈছিল ভাৰত সংস্কৃতি যাত্ৰাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। ভাৰতীয় সংস্কৃতিৰ নৃত্য প্ৰতিযোগিতাৰ শিতানত সত্ৰীয়া নৃত্যত অংশলৈ কৃতিত্বৰে দ্বিতীয় স্থান ল’বলৈ সক্ষম হয় ৰিছা। হিন্দুস্থান আৰ্ট আৰু মিউজিক চচাইটি কলকতাৰ সহযোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৪৫গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখনিত সত্ৰীয়া নৃত্যত ১০গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। তালম নৃত্য বিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত গুৰু শ্ৰী বিজয় লক্ষী গোস্বামী তত্বাৱধানত বিশাৰদ পাবলৈ সক্ষম হৈছে দিছা ৰিছা কাশ্যপে। নগাঁৱৰ আলফা বিটা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰী হৈছে দিছা। সত্ৰীয়া নৃত্যৰ দ্বিতীয় বৰ্ষলৈকে গুৰু বিশ্বজিৎ মজুমদাৰৰ তত্ত্বাৱধানত শিক্ষাগ্ৰহণ কৰি পিছলৈ তালম নৃত্য বিদ্যালয়ৰ পৰা গুৰু বিজয়লক্ষী গোস্বামীৰ তত্বাৱধানত ২০২৩ চনত বিষাৰদ সম্পূৰ্ণ কৰে দিছাই ।

Exit mobile version