কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম সমবায় সমিতিৰ ২০২৩ -২০২৪ বৰ্ষৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা খন আজি সমবায় সমিতি প্ৰাংগনত অনুষ্ঠিত হয়। সমবায় সমিতিৰ সভাপতি দিলীপ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰবোধ চন্দ্ৰ ৰায়ে। সভাত সম্পাদকীয় প্ৰতিবেদনৰ ওপৰত আলোচনাৰ পাছত প্ৰতিবেদন গৃহীত হয় আৰু আগন্তুক বৰ্ষৰ বাজেট ধাৰ্য কৰে। শক্তি আশ্ৰম সমবায় সমিতি লিমিটেডৰ প্ৰাংগনত আয়োজিত বাৰ্ষিক সাধাৰণ সভাত সমবায় সমিতিখনৰ সকলো অংশীদাৰ, সদস্য-সদস্যাকে আদিৰ উপস্থিতিত অনুষ্ঠিত সভাত কোকৰাঝাৰ জিলাৰ সমবায় সমিতি সমূহৰ ছুপাৰ ভাইজিং অফিচাৰ ৰাজু ৰায়, বিভাগৰ পৰিদৰ্শক ৰেজাউল ইছলাম সহ প্ৰতি গৰাকী সদস্য, সদস্যা, জেষ্ঠ নাগৰিকৰ উপৰি আন বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷
শক্তি আশ্ৰম সমবায় সমিতিৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

