Site icon Guwahati Times

নগাঁৱৰ চিলঙনীত পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত সজাগতা সভা

নিউজ ব্যুৰ’,নগাঁও,১৩ছেপ্টেম্বৰ:–নগাঁও জিলাৰ খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ অধীনত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ভকতগাঁও,ৰঙাগড়া,হুজ, বৰভেটি আৰু ৰাইদঙীয়া চাৰ্কোলৰ এলেকাধীন অংগনাবাড়িকৰ্মীসকলৰ এখনি বৃহৎ সজাগতা সভা অনুস্থিত হয়। চিলঙনী মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলিম উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনিত বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দৰ চিকিৎসক ডাঃ পংকজ জ্যোতি বৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পুষ্টিহীনতা আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰিবলৈ হ’লে প্ৰাকৃতিক আৰু ঘৰুৱাভাৱে উৎপাদিত কেঁচা শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে বুলি বক্তব্য কৰে। সভাত গৰ্ভৱতী মহিলা,কিশোৰী আৰু প্ৰসূতি সকলৰ ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ ওপৰত ভাৰত চৰকাৰৰ অভিলাসী আঁচনিৰ ওপৰত কৰ্মীসকলৰ মাজত ব্যাপক সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সভাত আলোচনা কৰা হয় । গাম্ভীৰ্যপূৰ্ণ সভাত চিকিৎসক ডাঃ চিজদাতুৰ ৰহমানে লিখা-পঢ়াৰ লগতে কিশোৰী আৰু মাতৃ সকলক পুষ্টিকাৰক আহাৰ খাবলৈ দিয়া উচিত বুলি মন্তব্য কৰে। বুঢ়াগোহাঁই থান প্ৰথম মুখ্য সেৱিকা বনশ্ৰী কলিতাই আঁত ধৰা সভাখনিত মুখ্যসেৱিকা ৰুলীমণি শইকীয়া,গায়ত্ৰী বৰঠাকুৰ আৰু পিংকী বৰাই পুষ্টিকাৰক খাদ্য সম্ভাৰৰ প্ৰাসংগিক গীত গাই সকলোকে মুগ্ধ কৰি তোলা দেখা যায়। সভাত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বিভিন্ন চাৰ্কোলৰ মূখ্য সেৱিকা ক্ৰমে মীনা ৰয় দাস,মাধন দাস, পৰী গুপ্তা বৰা,বৰ্ণালী বৰা,লয়নু মজুমদাৰ, গীতাশ্ৰী মেহেলা,ৰিজু মণি পাটৰ, ৰেজিয়া বেগম,গীতা দাস,কৰুণাময়ী দাস আৰু পোষণ বিষয়া চিংকী বৰাকে আদি কৰি ১২গৰাকী কৈ মুখ্য সেৱিকাই পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে। সভাৰ লগত সংলগ্ন ৰাখি ৰক্তহীনতাৰ এটি সজাগতা শিবিৰ অনুষ্ঠিত হোৱা দেখা যায়। সভাত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক সাংবাদিক মোস্তাফা কামাল,শিক্ষক চাইফুল ইছলাম উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version