Site icon Guwahati Times

কাইলে নিযুক্তি পৰীক্ষা

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ অধীনত কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্ৰিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব। স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৰাজ্যৰ ৫ লাখ ২৯ হেজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু মেট্ৰিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ চালকৰ মুঠ ৪১৮ টা পদৰ বাবে ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ইতিমধ্যে, পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষা কেন্দ্ৰত প্ৰবেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিক্টেৰৰ লগতে স্বাভাৱিক তালাচী চলোৱা হব। এইক্ষেত্ৰত কোনো প্ৰাৰ্থীক যদি সঠিকভাৱে তালাচী চলোৱা নহয়, তেন্তে সংশ্লিষ্ট প্ৰাৰ্থীগৰাকীয়ে তাৎক্ষণিক ভাবে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰিব পাৰিব। এডমিট কাৰ্ড, বৈধ পৰিচয় পত্ৰ অবিহনে কোনো প্ৰাৰ্থীকে পৰীক্ষা কেন্দ্ৰত প্ৰবেশ কৰিবলৈ দিয়া নহব বুলি উল্লেখ কৰি জাননীখনত পুনৰ কোৱা হৈছে যে পৰীক্ষা অন্ত পৰাৰ পিছত প্ৰাৰ্থীসকলে প্ৰশ্ন কাকতখন নিজৰ লগত আনিব পাৰিব। লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা অʼ এম আৰ ছীটখনত থকা ৰোল নম্বৰ উত্তৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে।
PTC, GUWAHATI

Exit mobile version