Site icon Guwahati Times

গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলী দেখুৱাই দুৰ্বৃত্তই বীৰদৰ্পে কৰি গৈছে ক্ৰাইম ৷ গুৱাহাটীৰ খানাপাৰা পৰা পুনৰ অপহৰণ কৰা হ’ল এজন গাড়ীচালকক। ২৮ছেপ্তেম্বৰত অপহৰণ কৰা হৈছিল অমিত কুমাৰ নামৰ গাড়ীচালকজনক | অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল ১ কোটি টকা ৷

বাহন চালকজনৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গোপন খবৰৰ ভিত্তিত অভিযান চলাই মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ টিক্রিকিল্লাৰ পৰা উদ্ধাৰ কৰে অপহৃত গাড়ীচালক অমিত কুমাৰক।

টিক্রিকিল্লাৰ এটা পৰিত্যক্ত গৃহৰ পৰা হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় গাড়ীচালক সহ তেওঁৰ বাহনখনো ৷ এই ঘৰটোতে আবদ্ধ কৰি ৰাখিছিল অপহৰণকাৰীয়ে ৷ গাড়ীচালক অমিত কুমাৰৰ ঘৰ হাইলাকান্দিত ৷ অৱশ্যে আৰক্ষীয়ে শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল অপহৰণকাৰীৰ ৷

Exit mobile version