Site icon Guwahati Times

আদিবাসী গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদ

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো আদিবাসী গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। আছাৰ বিষয়ববীয়াসকলৰ অভিযোগ যে চাৰিদুৱাৰৰ কেইবাখনো গাঁও দয়ালপুৰ, যোগিবীল, পশ্চিম টেঙাবিল, সোনাজুলি, বৰবিল মৰিয়নি, দপদপি, ৪ নং বগিজুলি, তাৰাবাৰীৰ লগতে বহুকেইখন আদিবাসী গাঁও কেনেকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰিলে বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে

লগতে এইকেইখন গাঁও শীঘ্ৰে বিটিআৰৰ পৰা কৰ্তন কৰিবলৈ দাবী জনায়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে।

Exit mobile version