Site icon Guwahati Times

নগাঁৱৰ বটদ্ৰৱাত অসমীয়া ভাষাৰ বিৰল স্বীকৃতিৰ বাবে শলাগ

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ :–অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অসমীয়াৰ লগতে দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে-অসমীয়া, মাৰাঠী,পালি,প্ৰাকৃত আৰু বাংলা ভাষা। ইয়াৰ আগেয়ে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এই অনুসৰি ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে–তামিল,সংস্কৃত, কানাড়া,তেলেগু,মালায়লম আৰু ওড়িয়া (২০১৪)। এই আটাইকেটা ভাষাক সামৰি এতিয়াৰে পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল ১১টা। এই খবৰে অসমীয়া ৰাইজক আনন্দিত কৰিছে। এই খবৰ পোৱাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ আলিপুখুৰী শাখা সাহিত্য সভাত আনন্দৰ বন্যা বৈছে। শুকুৰবাৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বটদ্ৰৱাবাসী ৰাইজ সমবেত হৈ অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ,জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা,লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা,হেম বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলক সোঁৱৰণ কৰে। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কন্দৰ্প কুমাৰ কলিতা,সবিতা বৰা, গিৰিশ বৰুৱাই ভাষণ প্ৰদান কৰি অসমীয়া ভাষাৰ ক্ৰমবিকাশ বৰ্ণনা কৰে। এই সভাত মোহন বৰুৱা,দিজুমনি বৰুৱা,জীতেন বৰদলৈ,সুৰুজ হাজৰিকা,নৱজ্যোতি পাঠক,মন্টু বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version