Site icon Guwahati Times

Air Indiaৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি!

মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে বিমানখনক দেশৰ ৰাজধানীলৈ ডাইভাৰ্ট কৰা হয়।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰা হৈছে, আৰু বিমানখনত থকা যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সুৰক্ষা প্ৰট’কল যথাযথভাৱে পালন কৰা হৈছে। ইতিমধ্যে বিমানবন্দৰৰ সকলো নিৰাপত্তা সংস্থা সষ্টম হৈ পৰিছে।

দিল্লী বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা এএনআইক জনাইছে যে, “আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছো আৰু বিমানখনৰ পৰীক্ষা নকৰা পৰ্যন্ত যিকোনো তথ্য প্ৰচাৰৰ পৰা বিৰত থাকক। সময়ত আমি অধিক তথ্য শ্বেয়াৰ কৰিম।”

Exit mobile version