Site icon Guwahati Times

নগাঁৱৰ ৰাইডঙীয়াত “বিকাশ”ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–শিশুৰ বাবে উৎসৰ্গিত সংগঠন “বিকাশ”ৰ উদ্যোগত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্যক্ৰমৰ সহযোগত নগাঁও জিলাৰ ৰাইডঙীয়াত আজি দিনযোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত শিবিৰটিত অঞ্চলৰ তিনি শতাধিক লোকক নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনৰ চকু বিশেষজ্ঞ সকলৰ এটি গোটে চিকিৎসা সেৱা প্ৰদান কৰে। শিবিৰত ৭২ গৰাকী লোকৰ চকুৰ চানি পৰা ৰোগ চিনাক্তকৰণ কৰি অহা ২৯ অক্টোবৰত গুৱাহাটীত বিনামূলীয়া অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা কৰা হ’ব। “বিকাশ”ৰ মহান প্ৰচেষ্টাত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্যক্ৰমৰ অধীনৰ চিকিৎসা কৰ্মী সকলৰ চিকিৎসা সেৱা গ্ৰহণ কৰি অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে । শিৱ প্ৰসাদ বৰাই আঁত ধৰা শিবিৰৰ শুভাৰম্ভ অনুষ্ঠানটিত সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে আৰু শুভাৰম্ভ কৰে সমাজকৰ্মী ধীৰ সিং পাটৰে। “বিকাশ”ৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা শিবিৰত লায়ঞ্চ চকু চিকিৎসালয়ৰ ভবেশ শৰ্মা,মৰমী দেৱী,ৰূপানন্দ নাথ, সৌজন্য কুমাৰ সেনাপতিৰ লগতে “বিকাশ” ৰ কৰ্মকৰ্তা ক্ৰমে গোবিন হাজৰিকা,শংকৰ জ্যোতি শৰ্মা,বিচিত্ৰ নাৰায়ণ শইকীয়া,দীপ জ্যোতি বৰা, জগৎ জ্যোতি দাস,বিপিন দাসকে আদি কৰি তিনি শতাধিক লোক উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version