Site icon Guwahati Times

জামিন পালে ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়ে…

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে দেশ জোকাঁৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাত কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিক যোৱা বুধবাৰে জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত যি ধাৰাত গোচৰ ৰুজু হব লাগিছিল, সেই ক্ষেত্ৰত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত আইনী সুৰুঙাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সুবিধা লাভ কৰিলে প্ৰৱঞ্চকটোৱে।

ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত চি বি আয়েও সোধপোচ কৰিছিল ৰঞ্জিত কাকতিক। কিন্তু এই সামগ্ৰিক তদন্ত চলি থকাৰ সময়তে ৰঞ্জিত কাকতিয়ে জামিন লাভ কৰা বিষয়টোৱে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীৰ দুৰ্বল ভূমিকাক ভুক্তভোগী ৰাইজে তীব্ৰ গৰিহনা প্ৰদান কৰিছে।

Exit mobile version