Site icon Guwahati Times

মহানগৰীৰ বিৰুবাৰীত লোমহৰ্ষক হত্যাকাণ্ড; সুৰাৰ ৰাগিত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড

কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ

মহানগৰীৰ বিৰুবাৰীৰ ৰূপকোঁৱৰ পথত সোমবাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। কনিষ্ঠ ভাতৃয়ে ছুৰীৰে হানি-খুচি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক ৷ উদ্থাপিত অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ বিশ্বজিৎ সৰকাৰ নামৰ লোকজনে নিজৰেই জ্যেষ্ঠ ভাতৃ শংকৰ সৰকাৰক নৃশংসভাৱে হত্যা কৰে।

ডিঙি আৰু পেটত উপৰ্যুপৰি আঘাতত তেজেৰে তুমৰলি হোৱা শংকৰ সৰকাৰক পৰিয়ালৰ লোকে ততাতৈয়াকৈ জিএম চি এইচলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ নিজ ভাতৃক আক্ৰমণ কৰি অভিযুক্ত বিশ্বজিৎ সৰকাৰ পলায়ন কৰিছিল যদিও ইতিমধ্যেই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত বিৰুবাৰী আৰক্ষীয়ে অভিযান চলাই ঘাতক বিশ্বজিতক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে মৃত শংকৰ সৰকাৰৰ পৰিয়ালে বিৰুবাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে,অভিযুক্ত বিশ্বজিতে সুৰাপান কৰি আহি কোনো কথাৰ অবতাৰণা নকৰি জ্যেষ্ঠ ভাতৃ শংকৰক নানান গালি- শপনি পাৰি থাকে ৷ ইয়াৰ প্ৰত্যুত্তৰৰ শংকৰেও মাত দিয়াত পৰিস্থিতিৰ অধিক উত্তপ্ত হৈ পৰে ৷ কাজিয়াৰ সূত্ৰপাতৰ মাজতে বিশ্বজিতে নিজ গৃহলৈ গৈ এখন চুৰি আনি শংকৰৰ ওপৰত জপিয়াই পৰে। ছুৰিৰে ডিঙি আৰু পেটত আঘাত কৰে ৷ ফলত চুৰিৰ আঘাতত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি যায় ৷ পৰিয়ালৰ লোকে জিএমচিএইছলৈ নিয়ে যদিও ইতিপূৰ্বেও মৃত্যুক আকোৱালি লয় শংকৰ সৰকাৰে ৷ স্থানীয় লোকে হত্যাকাৰী বিশ্বজিৎ সৰকাৰৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কৰে ৷

Exit mobile version