Site icon Guwahati Times

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

যোৰহাট আইন মহাবিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ এগৰাকী ছাত্ৰীয়ে জিলাখনৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । দেৰগাঁও ৰজাবাহাৰৰ আইনৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যায় এক দীঘলীয়া টোকা । য’ত এজন যুৱকৰ সৈতে থকা দীঘলীয়া প্ৰেম আৰু পৰৱৰ্তী সময়ত হোৱা সংঘাতৰ কথা উল্লেখ কৰে । ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত যুৱতীগৰাকী সৈতে দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰা দেৰগাঁৱৰ এজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।  

Related Story

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনহাতে যুৱতীগৰাকী আত্মীয়ই যুৱকজনৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰি কয়,”পিতৃ-মাতৃয়ে এপদ এপদ কৈ পইচা জমা কৰি নিজৰ সন্তানক বহু আশা বুকুত বান্ধি যোৰহাটৰ আইন মহাবিদ্যালয়ত পঢ়ুৱাইছিল, কিন্তু সেই আশা এজন যুৱকৰ বাবে নিৰ্বাপিত হ’ল, কাৰণ যুৱতীগৰাকী সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে প্ৰায়েই মানসিক হাৰাশাস্তি কৰা লগতে তাইৰ পৰা জোৰ-জবৰদস্তি পইচা লৈছিল । আইনৰ ছাত্ৰীগৰাকী মৃত্যুৰ ঘটনাই শোকাকুল কৰি তুলিছে সহপাঠীসকলৰ লগতে আত্মীয় স্বজনক ।

Exit mobile version