Site icon Guwahati Times

প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক

Screenshot

No entryৰে সুমুৱাটো মোৰ ভুল আছিলঃ জ্ঞানদীপ হাজৰিকা।

আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছো, এতিয়া মই কি ক’ম!!

“মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছো”

মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ হৈ থাকোতেই ডেলিভেৰি বয় হিচাপে কাম কৰি আছিলো। আৰু এটা পৰীক্ষা দিবলৈ বাকী আছে। প্ৰায় ৬ মাহ হ’ল এই কামটো কৰাৰ।

ঘৰত মা আৰু ভণ্টী আছে।

আৰক্ষী বিষয়াজনক শাস্তিমূলক নিলম্বনৰ বিষয়ে সোধাত জ্ঞানদীপ দোধোৰ মোধোৰ অৱস্থাত পৰে।
আৰক্ষী বিষয়াৰ বৰ্বৰতা। ৰাজপথত ডেলিভাৰী বয় ৰূপে কাম কৰা কটনৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ। পিতৃহাৰা শোনিতপুৰৰ জ্ঞানদীপে পঢ়াৰ উপৰিও উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰিছিল। ফুড ডেলিভাৰীৰ উপৰিও বিভিন্ন কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল জ্ঞানদীপে

পিতৃহাৰা জ্ঞানদীপৰ আছে মাতৃ আৰু ভগ্নী।নিজৰ ক্লাচ শেষ কৰি নিশাৰ ভাগত ফুড ডেলিভাৰীৰ কাম কৰি হাত খৰচ আৰু পঢ়াৰ বাবে উপাৰ্জন কৰিছিল জ্ঞানদীপে

Exit mobile version