Site icon Guwahati Times

ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ

ছয়গাঁৱৰ উদ্যমী মহিলা ৰশ্মিৰেখাৰ কৰ্ম জীৱনৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

এগৰাকীৰ সাধাৰণ মহিলাই কৰ্মৰে বহুতোক দেখুৱাইছে আদৰ্শ…

ছয়গাঁৱৰ ৰশ্মিৰেখা কলিতাই 2000 চনৰ পৰা ৰশ্মিৰেখা ট্ৰেইনিং চেন্টাৰ নামেৰে এক অনুষ্ঠান আৰম্ভ কৰি অঞ্চলটোৰ হাজাৰ হাজাৰ মহিলা যুৱতীক কৰ্ম সংস্থাপনৰ বাট দেখুৱাইছে ।

চিলাই, এম্বোদাৰী, মৰাপাট সামগ্ৰী, অলংকাৰ নিৰ্মাণ ৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৰশ্মিৰেখা কলিতাই কৰ্ম জীৱন ২৫ বছৰ উপলক্ষ্য কালি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ছয়গাঁৱৰ আলেগজাৰীত অনুষ্ঠানটোত ৰাজ্যৰ আগশাৰীৰ সামাজিক অনুষ্ঠান গ্ৰামীণ চাহাৰাৰ সঞ্চালক শৰৎ চন্দ্ৰ দাস, জন শিক্ষণ সংস্থাৰ কামৰূপ সঞ্চালক মুনিন্দ্ৰ কাকটি , বিশিষ্ট সমাজকৰ্মী পংকজ লোচন গোস্বামীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি উদ্যমী মহিলাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে…

এই অনুষ্ঠানতে এখন প্ৰাচীৰ পত্ৰীকা উন্মোচনৰ লগতে ৰূপালী জয়ন্তী বৰ্ষ ৰ লগত সংগতি ৰাখি আয়োজন কৰা ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বহু সংখ্যক প্ৰশিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান কৰা হয়…

Exit mobile version