এজিভিবি আৰ এছ ই টি কামৰূপ মেট্ৰ’ৰ এখন প্ৰশংসনীয় পদক্ষেপ হিচাপে, ০৮.০৮.২০২৫ তাৰিখে জুনিয়ৰ বিউটি প্ৰেক্টিছনাৰৰ ওপৰত ৩৫ দিনীয়া এটি বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে, যাৰ পৰা কামৰূপ মেট্ৰ’ জিলাৰ ৩৫ গৰাকী মহিলাই লাভান্বিত হ’ব। এই প্ৰশিক্ষণ ০৮.০৮.২০২৫ ৰ পৰা ১১.০৯.২০২৫ পৰ্যন্ত চলি থাকিব, যাৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলৰ জীৱিকাৰ উন্নয়ন ঘটাবলৈ বিউটি পাৰ্লাৰৰ দক্ষতা প্ৰদান কৰা হ’ব।
এই কাৰ্যসূচীটো ৰিজিঅ’নেল মেনেজাৰ শ্ৰী হৃদয় দেউৰি, ইনষ্টিটিউটৰ ডাইৰেক্টৰ শ্ৰী ৰাহুল দেব মহন্ত, কামৰূপ মেট্ৰ জিলাৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ শ্ৰী চন্দন তালুকদাৰ আৰু এজিভিবি আৰ এছ ই টি কামৰূপ মৰ সকলো কৰ্মচাৰীসকলৰ উপস্থিতিত দীপ প্ৰজ্বলনৰ সৈতে আৰম্ভ কৰা হয়।
শ্ৰী হৃদয় দেউৰীয়ে সকলো মহিলা প্ৰশিক্ষণাৰ্থীক ভবিষ্যতে নিজৰ উদ্যোগ স্থাপন কৰাৰ লক্ষ্যত একাগ্ৰ থকাৰ আহ্বান জনায়। শ্ৰী চন্দন তালুকদাৰে অংশগ্ৰহণকাৰীসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ শ্ৰী ৰাহুল দেব মহন্তই সকলো অতিথিক ধন্যবাদ জ্ঞাপ

