বৰপেটাৰ জনিয়াত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত ।
বৰপেটা জনিয়াৰ হোটেল দুখনত দীৰ্ঘদিন ধৰি চলি থকা দেহ ব্যৱসায়ৰ ঘাটি আজি উৎখাত কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ।
জনিয়া অঞ্চলত অৱস্থিত ৰয়েল গেলেক্সি হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু লাভলী হোটেল এণ্ড ৰেষ্টুৰেণ্টত দীৰ্ঘদিনৰ পৰা চলি আহিছিল দেহ ব্যৱসায় ।
হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ চলেৰে দেহ ব্যৱসায় চলাই আহিছিল মালিক পক্ষই ।
বৰপেটাৰ বাহিৰৰ একাংশ যুৱতী-মহিলাক দেহোপজীৱিনী হিচাপে নিয়োগ কৰি দেহ ব্যৱসায় চলাই গৈছিল হোটেল কৰ্তৃপক্ষই ।
আৰক্ষী-প্ৰশাসনক মেনেজ কৰি নিৰ্বিবাদে দেহ ব্যৱসায় চলাই গৈছিল চক্ৰটোৱে ।
অৱশেষত স্থানীয় লোকে হোটেল দুখনত প্ৰৱেশ কৰি অনৈতিক কাৰ্যত লিপ্ত একাংশ যুৱক-যুৱতীক হাতে-লোটে কৰায়ত্ত কৰাৰ চেষ্টা চলায় ।
লগে লগে হোটেল দুখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় ।
হোটেল দুখনৰ ভিতৰত অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ অহা যুৱক-যুৱতীসকলে যেনি-তেনি পলাবলৈ চেষ্টা চলায় যদিও ৭ যুৱতীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে ।
সম্প্ৰতি বৰপেটা সদৰ থানাত যুৱতীকেইগৰাকীক সোধা-পোছা কৰি থকা হৈছে ।
যুৱতীকেইগৰাকীৰ ভিতৰৰ এগৰাকী যুৱতী হোজাইৰ হোৱাৰ বিপৰীতে আন এগৰাকী যুৱতী ইটানগৰৰ বুলি গম পোৱা গৈছে ।
আনহাতে হোটেল দুখনৰ পৰা কেইবাগৰাকীও যুৱক পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ।
হোটেল দুখনৰ কিছু আচবাব আদি একাংশ উত্তেজিত লোকে লণ্ডভণ্ড কৰে ।
ইপিনে হোটেল দুখনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।

