Site icon Guwahati Times

অসমৰ প্ৰেক্ষাপটত ভিবি – জি ৰাম জি আইনৰ মূল বৈশিষ্ট্য আৰু লাভা-লাভ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বিশেষজ্ঞৰ আলোচনা সম্পন্ন

অসমৰ প্ৰেক্ষাপটত ভিবি – জি ৰাম জি আইনৰ মূল বৈশিষ্ট্য আৰু লাভা-লাভ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বিশেষজ্ঞৰ আলোচনা সম্পন্ন

প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, (PIB) গুৱাহাটীৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ (NIRDPR) উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ সহযোগত আজি গুৱাহাটীত বিকশিত ভাৰত- ৰোজগাৰ আৰু আজীৱিকা নিশ্চয়তা অভিযান (গ্ৰামীণ) [VB G RAM G] আইন, ২০২৫ আৰু বাল্য বিবাহ মুক্ত ভাৰত বিষয়ক আঞ্চলিক মিডিয়া সন্মিলন বাৰ্তালাপ অনুষ্ঠিত হয়।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীয়ে মুখ্য অতিথি হিচাপে এই অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে শ্ৰী চক্ৰৱৰ্তীয়ে কয় যে ভিবি-জি ৰাম জি ৰ অধীনত নিয়োগ দিনৰ সংখ্যা বৃদ্ধি কাৰ্য্য গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক বহনক্ষম আয়ৰ সহায় আগবঢ়াবলৈ অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ ভিবি-জি ৰাম জি ৰ এটা মূল বৈশিষ্ট্য হিচাপে মজুৰিৰ ডিজিটেল পৰিশোধৰ ব্যৱস্থাত আলোকপাত কৰে, যিয়ে সময়মতে পাৰিতোষিক লাভ কৰাটো নিশ্চিত আৰু শ্ৰমিকসকলে সন্মুখীন হোৱা বিলম্ব দূৰ কৰিছে। শ্ৰী চক্ৰৱৰ্তীয়ে ভিবি-জি ৰাম জি ত গুৰুত্ব আৰোপেৰে মিডিয়া কৰ্মশালা আয়োজন কৰাৰ বাবে পিআইবি, গুৱাহাটীৰ পদক্ষেপক প্ৰশংসা কৰি গ্ৰামীণ জীৱিকাক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বত আলোকপাত কৰে।

ইয়াত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ (NIRDPR) সঞ্চালক ডঃ আৰ. মুৰুগেছানে ভিবি-জি ৰাম জি আইনখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি গ্ৰামাঞ্চলসমূহত জীৱিকা সুৰক্ষাক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাত আলোকপাত কৰে। তেওঁ কয় যে আইনখনে এটা বিত্তীয় বৰ্ষত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ ন্যূনতম ১২৫ দিনৰ মজুৰি নিয়োগৰ আইনী অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে। ইয়াৰ ফলশ্ৰুতিত আয়ৰ সুস্থিৰতা প্ৰশস্ত আৰু গ্ৰামাঞ্চলৰ দুৰ্দশা লাঘৱ হ’ব।

ডঃ মুৰুগেছানে আৰু কয় যে আইনখনে স্বচ্ছতা আৰু জবাবদিহিতাত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম ৰোধ কৰিবলৈ উন্নত ডিজিটেল নিৰীক্ষণ ব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াত উদ্বোধনী ভাষণ প্ৰদানেৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱে কয় যে এমজিএনৰেগা-ত শেহতীয়াকৈ ঘটোৱা পৰিৱৰ্তন আৰু আনুষংগিক পদক্ষেপসমূহৰ সম্পৰ্কে আলোচনাৰ বাবে এই মিডিয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ভাৰত চৰকাৰে ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীৰে কাম কৰি আছে। তেওঁ সাংবাদিকসকলক ভিবি-জি ৰাম জি আইন সম্পৰ্কীয় আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণৰ মাজত সঠিক তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

এই কৰ্মশালাত বাল্য বিবাহ মুক্ত ভাৰত বিষয়তো আলোচনা কৰা হয়। ইয়াত বাল্য বিবাহ–মুক্ত ভাৰত আৰু অসম শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি শিশু অধিকাৰ প্ৰেকটিচনাৰ আৰু কৰ্মী শ্ৰী মিগুৱেল দাস কুৱেয়াই ভাৰত চৰকাৰে শিশুৰ অধিকাৰৰাজিক সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ পিছতো সমগ্ৰ দেশতে বাল্যবিবাহৰ প্ৰচলন অব্যাহত আছে। ইয়াৰ পৰিণতিত শিশুৰ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। বাল্য বিবাহ নিষিদ্ধ আইন, ২০০৬-ৰ কথা উল্লেখ কৰি শ্ৰী কুৱেয়াই ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া ব্যৱধানসমূহৰ কথা আঙুলিয়াই দি কয় যে এই প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ চৰকাৰে ২০২৪-ত বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ কৰিছিল। তেওঁ কয় যে এই অভিযানৰ লক্ষ্য হৈছে ২০২৬-ৰ ভিতৰত বাল্য বিবাহৰ ঘটনা অতিকমেও ১০ শতাংশ হ্ৰাস কৰা। ইয়াৰ সমান্তৰালকৈ ২০৩০-ৰ ভিতৰত সম্পূৰ্ণৰূপে এই প্ৰথা নিৰ্মূলৰ দীৰ্ঘ-ম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে পঞ্চায়ত পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি নাগৰিক সমাজৰ সংগঠনসমূহলৈকে বিস্তৃত স্থায়ী আৰু সৰ্বাংগীন সজাগতা অভিযানসমূহ সমাজৰ অংশগ্ৰহণ আৰু সামূহিক কাৰ্য্যৰ বাবে অপৰিহাৰ্য্য।

ইয়াত মহিলা আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত আইনী ব্যৱস্থাৰাজি সম্পৰ্কে ব্যক্ত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীমতী সীমা ভূঞাই অৱগত কৰে যে শেহতীয়াকৈ অসমত বাল্য বিবাহ–সম্পৰ্কীয় গোচৰত প্ৰায় ২,০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এই পদক্ষেপে ৰাজ্য চৰকাৰৰ কঠোৰ আৰু সক্ৰিয় পন্থা অৱলম্বন কাৰ্য্যক প্ৰতিফলিত কৰিছে। তেওঁ যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান (POCSO) আইনখন সম্পৰ্কেও বিশদভাৱে কৈ শিশুৰ অধিকাৰ আৰু মৰ্য্যাদাক সুৰক্ষিতকৰণৰ ক্ষেত্ৰত ইয়াৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী ভূঞাই সাংবাদিকসকলক শিশু সম্পৰ্কীয় ঘটনাৰ বাতৰি পৰিৱেশন কৰাৰ সময়ত অধিক সংবেদনশীলতা অৱলম্বন কৰিবলৈ আহ্বান জনাই কয় যে এই ক্ষেত্ৰত আইনী আৰু নৈতিক নীতি অনুসৰি ভুক্তভোগী শিশুৰ পৰিচয় কঠোৰভাৱে সুৰক্ষিত হ’ব লাগিব।

ইয়াত আদৰণি ভাষণ প্ৰদান কৰি পিআইবি, গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তাই উল্লেখ কৰে যে সাংবাদিকসকলৰ ভাৰত চৰকাৰৰ আঁচনি আৰু নীতিৰাজি সম্পৰ্কে গভীৰ বুজাবুজিৰ উদ্দেশ্যেৰে বাৰ্তালাপৰ আয়োজন কৰা হৈছে। তেওঁ জনাই যে চলিত বৰ্ষটোত পিআইবি, গুৱাহাটীয়ে আয়োজন কৰা এলানি মিডিয়া কৰ্মশালাৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰায় ১৯০ গৰাকী সাংবাদিকৰ সৈতে সংযোগ স্থাপন কৰা হৈছে।

Exit mobile version