জ্যোতিষ শাস্ত্রত শনি গ্রহক অনুশাসন আৰু ন্যায়ৰ কাৰক গ্রহ বুলি গুৰুত্ব দিয়া হয় আৰু মংগল গ্রহক সাহস, পৰাক্ৰমৰ কাৰক গ্রহ বুলি বিশ্বাস কৰা হয়। এই দুই শক্তিশালী গ্রহ একলগ হোৱাৰ ফলত মানুহৰ জীৱনৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন পৰিলক্ষিত হ’ব। গ্ৰহৰ এই পৰিৱৰ্তনৰ ফলত ৰাশিচক্ৰৰ ধনু ৰাশি, কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ লোকসকলৰ বিশেষভাৱে লাভান্বিত হ’ব। এই ৰাশিৰ লোকসকলে কেৰিয়াৰ, সমাজত মান-সম্মান বৃদ্ধি, আর্থিক স্থিতি পূর্বতকৈ ভাল হ’ব।
জ্যোতিষ শাস্ত্ৰ অনুসৰি সময়ে-সময়ে কৰা গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তনবোৰে অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। এই প্রভাৱ যোগাত্মক আৰু ঋণাত্মক দুয়োটাই হ’ব পাৰে। উল্লেখ্য যে ৰাশিচক্ৰৰ বাৰটা ৰাশিয়েই এই গ্রহ-নক্ষত্ৰৰ পৰিবৰ্তনৰ প্ৰভাৱ লাভ কৰে। জ্যোতিষ আচাৰ্য কৃষ্ণকমল নাথৰ মতে ৩০ বছৰ পাছত শনি আৰু মংগল গ্রহে মিলি এক বিশেষ যোগ গঠন কৰিব। ২ এপ্ৰিলত এই বিশেষ যোগ মীন ৰাশিত গঠন হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি শনি আৰু মংগলৰ সংযোগত গঠন হোৱা এই যোগ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী।
জ্যোতিষ শাস্ত্রত শনি গ্রহক অনুশাসন আৰু ন্যায়ৰ কাৰক গ্ৰহ বুলি গুৰুত্ব দিয়া হয় আৰু মংগল গ্রহক সাহস, পৰাক্ৰমৰ কাৰক গ্ৰহ বুলি বিশ্বাস কৰা হয়। এই দুই শক্তিশালী গ্ৰহ একলগ হোৱাৰ ফলত মানুহৰ জীৱনৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন পৰিলক্ষিত হ’ব। গ্ৰহৰ এই পৰিৱৰ্তনৰ ফলত ৰাশিচক্ৰৰ ধনু ৰাশি, কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ লোকসকলৰ বিশেষভাৱে লাভান্বিত হ’ব। এই ৰাশিৰ লোকসকলে কেৰিয়াৰ, সমাজত মান-সম্মান বৃদ্ধি, আর্থিক স্থিতি পূর্বতকৈ ভাল হ’ব।
ধনু ৰাশিৰ লোকসকলৰ বাবে শনি-মংগলৰ যোগে সফলতা কঢ়িয়াই আনিব। এই ৰাশিৰ চতুৰ্থভাৱত এই সংযোগ হ’ব। গতিকে, চাকৰি সংক্ৰান্তীয় বহু দায়িত্ব লাভ কৰাৰ লগতে পদোন্নতি লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ নতুন ব্যৱসায়ৰ সংযোগ ঘটিব পাৰে। এই সময়ত কৰা কামৰ ফল ভৱিষ্যতে লাভ কৰিব পাৰিব। সামাজিকভাৱে নিজকে প্রতিষ্ঠা কৰিব পাৰিব।
কৰ্কট ৰাশিৰ লোকসকলৰ ভাগ্যস্থানত এই সংযোগ হ’ব। গতিকে আপোনাৰ মান-সম্মান বৃদ্ধি হোৱাৰ লগতে প্রশাসন, ৰাজনীতিৰ লগত জড়িত লোকসকলে বিশেষভাৱে লাভান্বিত হ’ব। লাহে লাহে আর্থিক স্থিতি সবল হ’ব। ভ্রমণৰ যোগ।
মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সংযোগ অতি গুৰুত্বপূৰ্ণ। মকৰ ৰাশিৰ তৃতীয়স্থানত এই সংযোগ গঠন হৈছে। এই স্থানত মংগল আৰু শনি অতি শক্তিশালী। গতিকে কেৰিয়াৰত উন্নতি, পদ প্রতিষ্ঠা হোৱাৰ লগতে পদোন্নতিৰ যোগ মিলিত হৈছে। ব্যৱসায়ীসকলে দীর্ঘসময় ধৰি অপেক্ষা কৰি থকা যিকোনো কাম সফল হ’ব। ভাতৃ-ভগ্নীৰ মাজত মত-বিৰোধ হ’ব পাৰে, গতিকে অযথা কথা-বতৰা পতাৰ পৰা বিৰত থাকক।

