Site icon Guwahati Times

BTR ত হাগ্ৰামা মহিলাৰীক লগত লৈ জয়ন্ত মল্লবৰুৱাৰ মাৰাথন প্ৰচাৰ

BTR ত হাগ্ৰামা মহিলাৰীক লগত লৈ জয়ন্ত মল্লবৰুৱাৰ মাৰাথন প্ৰচাৰ

গুৱাহাটী, ৩১ মাৰ্চ: আজি BTRত সুৰক্ষিত আৰু বিকশিত অসমৰ সংকল্পৰে কেইবাটাও স্থানত প্ৰচাৰ অভিযানত অংশ ল’লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। পশ্চিম গোৱালপাৰাৰ পুখুৰীপাৰত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত জয়ন্ত মল্লবৰুৱাই গোৱালপাৰা পশ্চিম (ST) বিধান সভা সমষ্টিৰ NDA মিত্রজোঁটৰ প্রার্থী পৱিত্র ৰাভাৰ হৈ নির্বাচনী প্রচাৰ সভাত অংশ লৈ সহস্ৰাধিক জনতাক হাজাৰ হাজাৰ জনতাক সম্বোধন কৰে। ইয়াৰ পাছতেই দুধনৈ বিধান সভা সমষ্টিৰ NDA মিত্রজোঁটৰ প্রার্থী টংকেশ্বৰ ৰাভাৰ হৈ প্ৰচাৰত অংশ ললে মন্ত্ৰীগৰাকীয়ে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসঙ্গত কয় যে- সকলো জাতি-জনজাতি লোক সকলক সমানে ভাল পোৱা লোককহে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থীত্ব দিয়ে।সেয়ে দুধনৈ সমষ্টিত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক প্ৰাৰ্থীত্ব দিছে। ৰাভাই সকলো জাতি-জনজাতি সকলক সমানে উন্নয়ন কৰিব বুলি উল্লেখ কৰি তেওঁক জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো বিজেপি চৰকাৰৰ দিনত ৰূপায়িত আঁচনিৰ বাবে টংকেশ্বৰ ৰাভাক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আগ্ৰাসনকাৰীক তেওঁ সকিয়নী প্ৰদান কৰে। বকোৰ গান্ধী ময়দানত আন এখন নিৰ্বাচনী সভাত অংশ লৈ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ NDA সমর্থিত বিজেপি প্রার্থী ৰাজু মেচৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ইয়াৰ পাছত বিয়লি নলবাৰীৰ ঘিল্লা চ’কত আন এখন নিৰ্বাচনী সভাত অংশ লৈ যোৱা ১০ টাকৈ বছৰত বিজেপি চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ লগতে অভূতপূৰ্ব সাফল্যৰ খতিয়ান দাঙি ধৰে। নলবাৰীত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, নলবাৰী কনভেনচন চেন্টাৰ, আন্তঃৰাষ্ট্ৰীয় মানৰ জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদ আদি নিৰ্মাণৰ জৰিয়তে নলবাৰীৰ সামগ্ৰিক বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মত পোষণ কৰে। এই প্ৰকল্পসমূহে নলবাৰীৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি অনাগত দিনত ইয়াৰ জৰিয়তে সমষ্টিবাসী উপকৃত হব বুলি তেঁও উল্লেখ কৰে।

Exit mobile version