Site icon Guwahati Times

যেন ক্ষণিকৰ হৈ-চৈঃ দুৰ্ঘটনাত তিনি যুৱতীৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ছামিমৰ জামিন

গুৱাহাটীঃ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ মূল অভিযু্ক্ত মুকলি আকাশৰ তললৈ। ২৫ এপ্ৰিলৰ পিছ নিশা গুৱাহাটীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত। যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী যুৱতীয়ে। নুনমাটি-মঠঘৰীয়াৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ অভিযুক্ত আছিল ছামিম আহমেদ। পিছ নিশালৈকে বাৰত পাৰ্টী কৰি ছামিমৰ গাড়ীৰে ফুৰিবলৈ গৈছিল ৩গৰাকী যুৱতী। তাৰ পিছতে প্ৰায় ৯৫ কিঃমিঃ স্পীডত থকা ছুইফত বাহনখনে এখন ৰৈ থকা ট্ৰাকত মাৰিছিল খুন্দা। লগে লগে তিনিগৰাকী যুৱতীয়ে হেৰুৱাইছিল প্ৰাণ। AS01GP0562 নম্বৰৰ ছুইফ্ট বাহনখনত দুৰ্ঘটনাত পতিত হৈ আকাংক্ষা শইকীয়া, পূজা সাহা আৰু নেহা খানে মৃত্যুক আকোৱালি লয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক ছামিম আহমেদে। বিপৰীতে আৰক্ষীয়ে উদ্ধাৰ কৰে তিনি যুৱতীৰ মৃতদেহ।

দুৰ্ঘটনাৰ দুদিন পিছত ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত ছামিম আহেমেদে বৰ্তমান জামিন পোৱা খবৰে ব্যথিত কৰিছে সকলোকে। অভাৰ স্পীডত গাড়ী চলোৱা আৰু গুৱাহাটীৰ বাৰত নিশা ৩ বজালৈকে প্ৰায় ১৯ হাজাৰ টকাৰ বিল হোৱাকৈ পাৰ্টী কৰা ছামিমে কিয় এনেদৰে জামিন পালে সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন।

দৰাচলতে গুৱাহাটী আৰক্ষীয়ে দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি আৰক্ষী বিষয়া জয়ন্ত সাৰথী বৰাই সংবাদমেল সম্বোধন কৰি কৈছিল যে, ‘দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ মালিক পংকজ কুমাৰ দত্ত, তেওঁ ভাৰ্গৱ ডেকা নামৰ এজনক ৰেণ্টত দিছিল গাড়ীখন। ভাৰ্গৱক গাড়ী বিচাৰিছিল ছামিমে, ৰাতিপুৱা ছামিমে গাড়ীখন লৈ আহিছিল আৰু ভাৰ্গৱৰ পৰা জিপিএছ পোৱাৰ পিছতহে গম পালো গাড়ীখনৰ গতিবিধি। ১১ বজাত ৰুদ্ৰাক্ষ মলৰ সন্মুখত পোৱা গৈছিল গাড়ীখনৰ লোকেচন। ৩ বজাত সেই স্থানৰ পৰা ওলাই আহিছিল গাড়ীখন। ৩ যুৱতীৰ সৈতে এজন যুৱক প্ৰায় ৫ ঘন্টা ধৰি ৰুদ্ৰাক্ষ মলৰ Exoro বাৰত আছিল। বাৰৰ চিচি টিভিত সকলোকে দেখা গৈছিল, ১৯ হাজাৰ টকা বাৰৰ বিল দিছিল তেওঁলোকে। ইফালে দুৰ্ঘটনাৰ প্ৰকৃত সময় ৪:০২ বজাত। বাৰৰ পৰা ওলাই আহি মহানগৰীৰ বহু স্থানত গাড়ীখন ঘূৰিছিল। দুৰ্ঘটনা সংঘটিত কৰিয়েই গুৱাহাটীৰ পৰা পলায়ন কৰিছিল চালক ছামিম আহমেদ। প্ৰথমে শ্বিলঙত আত্মগোপন কৰিছিল ছামিমে আৰু তেতিয়াই পৰিচয় সলনি কৰিবলৈ দাড়ি-চুলি কাটিছিল ছামিমে। শ্বিলঙৰ পৰা শিৱসাগৰ, তাৰ পৰা ডিব্ৰুগড়লৈ গৈছিল ছামিম। ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ যোৱাৰো পৰিকল্পনা কৰিছিল চালক ছামিমে। জামিন লাভ নকৰা পৰ্যন্ত অৰুণাচলত আত্মগোপন কৰাৰ পৰিকল্পনা কৰিছিল চালকগৰাকীয়ে। ইতিমধ্যে ট্ৰাকৰ ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰা হৈছে। বাৰৰ পৰা ওলাই আহি বিভিন্ন স্থানলৈ যোৱাৰ সময়ত গাড়ীখনৰ গতিবেগ আছিল ঘণ্টাত ১৩৫ কিঃমিঃ কিন্তু দুৰ্ঘটনাৰ সময়ত বাহনখন প্ৰতি ঘণ্টাত ৯৫ কিঃমিঃ বেগেৰে চলাইছিল। এইখিনি তথ্য জিপিএছৰ মতে আমি জানিব পাৰিছো’

Exit mobile version