Site icon Guwahati Times

মূল্যবৃদ্ধিয়ে আমাকো জুৰুলা কৰিছে : ভৱেশ কলিতা

গোলাঘাট পোৰাবঙলাত বিজেপিৰ সভাপতি ভৱেশ কলিতা। ভাৰতীয় জনতা পাৰ্টীৰ মৰঙি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনী সভাত উপস্থিত হয় অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা।

মূল্যবৃদ্ধিৰ প্ৰসংগই ৰাজ্যত তোলপাৰ লগোৱাৰ সময়তে ৰাজ্যিক সভাপতি কলিতাৰ নিজ মন্তব্যৰ ওলোটা ওলোটা খৰ। সলনি কৰিলে পূৰ্বৰ মন্তব্য ।

সভাপতিগৰাকীয়ে কয় যে ৰাজ্যত মূল্যবৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধিয়ে আমাকো জুৰুলা কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে, মূল্যবৃদ্ধি সন্দৰ্ভত পূৰ্বতে তেওঁ “বেছিকৈ খালেতো দাম বাঢ়িবই” বুলি কৈছিল।

Exit mobile version