মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ সফল অভিযান। ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বণিকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দুটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
চোৰ দুটাৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। মায়ং থানাৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা চোৰ দুটাৰ লগতে চুৰি হোৱা ৩২টাকৈ টায়াৰ, এটা চাৰিচকীয়া বাহন আৰু এখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটা হল চাহাব উদ্দিন আৰু মূখছেদ আলী।
উল্লেখ্য যে কেইদিনমান পূৰ্বে গেৰুৱা চাৰিআলিৰ পৰা এখন গেৰেজৰ পৰা টায়াৰ সমূহ চুৰি কৰিছিল আৰু সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছিল। চিচি টিভি কেমেৰাৰ দৃশ্যৰ আঁত ধৰি ভূৰাগাঁও আৰক্ষীয়ে গভাইত চোৰ দুটা গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

