Site icon Guwahati Times

‘‘৩ বছৰ একেঠাইতে থকাসকল বেলেগ ঠাইলৈ যাবৰ বাবে সাজু হওক’’, বন বিভাগৰ পৰ্যালোচনা বৈঠকত সতৰ্কবাণী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ কঠোৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ খানাপাৰাৰ ষ্টাফ কলেজত বন বিভাগৰ পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। পৰ্যালোচনা বৈঠকত বন বিভাগৰ একাংশ বিষয়াক সতৰ্ক কৰি দিলে বনমন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ‘‘৩ বছৰ একেঠাইতে থকা সকলে বেলেগ ঠাইলৈ যাবলৈ সাজু হওক। ধনৰ বিনিময়ত বন বিভাগত নচলিব বদলি। মন পছন্দৰ ডিভিজন, ৰেঞ্জ, বীট অফিচত বছৰ বছৰ ধৰি বহি থকা চিষ্টেম আজিৰ পৰা নচলিব।’’ উল্লেখ্য যে বহু বিষয়াই ১০/১৫ বছৰ একে ঠাইতে থকাৰ অভিযোগ আছিল।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ‘‘ধনৰ বিনিময়ত বদলিৰ অভিযোগ পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এতিয়াৰে বন বিভাগত টকা দি প’ষ্টিং লাভ নচলিব৷ ২০ লাখ, ৩০ লাখ, ৬০ লাখ টকা দি প’ষ্টিং পোৱাত ফুলষ্টপ পৰিল।’’ পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা বৈঠকত সাৱধানৱাণী দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘মোৰ সতীৰ্থ, মোৰ লগত থকা মানুহকো আপোনালোকে ৰদ-বদলৰ নামত টকা নিদিব৷ টকা বিচাৰিলে মোক WhatsAppত লগে লগে জনাই দিব৷ মাছ যেনেকৈ মূৰৰ পৰা গেলে, বন বিভাগতো দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা৷ বন বিভাগৰ এনে বহু বিষয়া আছে কাগজত এটা তথ্য দিয়ে আৰু প্ৰকৃত তথ্য বেলেগ। ৰাজহক লৈ ভুল তথ্য দিয়া সকল সাৱধান।’’
বন বিভাগৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ’ব লাগিব। বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগে। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা বন্ধ হ’ব লাগে। মানুহৰ পৰা অযথা ফাইন কাটি চৰকাৰক শ’লঠেকত পেলাব নালাগে। চৰকাৰৰ নিৰ্দেশ বুলি কৈ দায় সাৰে বন বিষয়া সকলে।’’
মন্ত্ৰীগৰাকীয়ে কয় ‘‘ব্যক্তিগত ৰয়েল্টী লোৱা এৰি দিয়ক। চৰকাৰৰ ঘৰত জমা হ’ব লাগে বন বিভাগৰ ৰয়েল্টী। ব্যক্তিগত ৰয়েল্টী লৈ আপোনালোকে বহু কাম বৈধ কৰি দিয়ে। ব্যক্তিগত ৰয়েল্টী বন্ধ কৰাৰ কৌশলো আপোনালোকে নিজেই মোক দিব লাগিব। কি কি কাৰণত বন বিভাগৰ ৰাজহ কমকৈ আহিছে আজিৰ ভিতৰত নিজৰ নিজৰ এৰিয়াৰ সকলো কথা মন্ত্ৰীক ক’ব লাগিব DFO, ৰেঞ্জাৰে। কুৱেৰীত চলা, মহলত চলা প্ৰতিখন গাড়ীত লগাব লাগিব GPS, গাড়ী ক’ত কিমান ৰাখিছে বন বিভাগে ট্ৰেকিং কৰি থাকিব। ব্যৱসায়ী সকলৰ সৈতে কথা পাতি ইয়াক কাৰ্যকৰী কৰা হ’ব।’’
Exit mobile version