Site icon Guwahati Times

দাক্ষিণাত্যৰ ছবিজগতত দপদপাইছে অসম কন্যাই, দক্ষিণ ভাৰতৰ ছবিপ্ৰেমীৰ নয়নৰ মণি হৈ পৰিছে অসমৰ ভৈৰৱী

দাক্ষিণাত্যৰ ছবিজগতত দপদপাইছে অসম কন্যাই। দক্ষিণ ভাৰতৰ ছবিত জিলিকিছে অসম জীয়ৰী। দক্ষিণৰ ছবিত নায়িকাৰ ৰূপত অসমৰ ভৈৰৱী। অসম কন্যাৰ অভিনীত ছবিয়ে বক্স অফিচত তুলিছে খলকনি। অসমৰ পৰা গৈ দক্ষিণ ভাৰতত প্ৰশংসা বুটলিছে অসমৰ ভৈৰৱী ডেকাই। নিশাটোৰ ভিতৰতে এতিয়া দক্ষিণ ভাৰতৰ ছবিপ্ৰেমীৰ নয়নৰ মণি হৈ পৰিছে অসমৰ ভৈৰৱী। ভৈৰৱীয়ে অভিনয় কৰা ‘কত্তা মালুকো’ নামৰ ছবিখনে এতিয়া খলকনি তুলিছে বক্স অফিচত।
ভৈৰৱী ডেকাৰ ঘৰ কামৰূপৰ পাকৰকোণাত। প্ৰথমে হাইদৰাবাদত এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত হৈ আছিল ভৈৰৱী। এতিয়া টলীউদৰ এগৰাকী ব্যস্ত অভিনেত্ৰী। কামৰূপ জিলাৰ পাকৰকোনাৰ চন্দন ডেকা আৰু মিনু প্ৰভা ডেকাৰ বৰ জীয়ৰী ভৈৰৱী ডেকা। ২০২০ চনত প্ৰথমে হায়দৰাবাদলৈ গৈছিল ভৈৰৱী। অভিনয়ৰ প্ৰতি অত্যন্ত আগ্ৰহী ভৈৰৱীয়ে হায়দৰাবাদলৈ যোৱাৰ পিছতে দি গৈছিল বিভিন্ন অডিচন।
অডিচনৰ সময়ত প্ৰথমে ভাষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ভৈৰৱী। দাক্ষিণাত্যৰ তেলুগু ভাষাত দখল নথকাৰ বাবেই বহুবাৰ ৰিজেক্ট হৈছিল ভৈৰৱী। কিন্তু কেতিয়াও ভৈৰৱীয়ে হেৰুওৱা নাছিল ধৈৰ্য, একাগ্ৰতা আৰু সাহসেৰে পুনৰ আগুৱাই গৈছিল।
প্ৰায় তিনি বছৰ ধৰি একেৰাহে অডিচন দি গৈছিল যদিও ভাষাজনিত সমস্যাৰ বাবে বহু সুযোগ হেৰুৱাইছিল ভৈৰৱীয়ে। বহু চেষ্টাৰ অন্তত পিছলৈ ভৈৰৱীয়ে আয়ত্ত কৰে তেলুগু ভাষা। তাৰ পিছতে ভৈৰৱীৰ বাবে এই পথ লাহে লাহে মসৃন হৈ পৰে। তেলুগু ভাষা আয়ত্ত কৰাৰ পিছতে ভৈৰৱীয়ে সুযোগ পাইছিল তেলুগু ছবিত।
সম্প্ৰতি ১২ জুন তাৰিখে ভৈৰৱীৰ প্ৰথমখন বোলছবি ‘কত্তা মালুকো’ই মুক্তি লাভ কৰে। ইতিমধ্যে বোলছবিখনে দাক্ষিণাত্যৰ বক্স অফিচত তুলিছে খলকনি। বৰ্তমান আন দুখন বোলছবিৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী। ভৈৰৱীৰ এই সফলতাত এতিয়া উৎফুল্লিত পিতৃ-মাতৃৰ লগতে স্থানীয় পাকৰকোণা গাঁৱৰ স্থানীয় লোকসকলো। ভৱিষ্যতে ভৈৰৱীয়ে আৰু আগুৱাই যোৱাৰ কামনা কৰিছে সকলোৱে।

Exit mobile version