অসম বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম পূৰ্ণাংগ বাজেট ।
প্ৰথমবাৰলৈ বিত্তমন্ত্ৰী হিচাপে সদনত বাজেট দাখিল কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
ইয়াৰে ১১৮৫৬২.২৩ কোটি টকা ৰাজহ শিতানত আৰু বাকী ৩৩,২৮১ কোটি টকা মূলধন শিতানত লাভ কৰা হৈছে । ৰাজহুৱা শিতানত ১৩৪৪৬৬.২২ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকা যোগ হোৱাৰ পাছত সৰ্বমুঠ আদায়ৰ পৰিমাণ ২৮৮৩০৯.৪৫ কোটি টকা হ’ব ৷
আনহাতে, ৰাজহুৱা শিতানত ব্যয় ১২৬৩৬৯.৫৭ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হ’ব ২৮৫০৮৪.৪৫ কোটি টকা । বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ৩২২৫ কোটি টকা ৰাহি হ’ব ।
লগতে বছৰটোৰ আৰম্ভণিৰ ঘাটি ৩৬৪৪.২৬ কোটি টকাৰ হিচাপ মিলালে ২০২৬-২৭ বৰ্ষৰ শেষলৈ বাজেটত ঘাটিৰ পৰিমাণ ৪১৯.২৬ কোটি টকা হ’বগৈ । এই বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
কি কি আছে বাজেটত ?
অসম চৰকাৰে বিগত কাৰ্যকালত এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ সংখ্যা অতিক্ৰমী যোৱা পাঁচ বছৰত চৰকাৰে ১.৬৪ লাখ নিযুক্তি প্ৰদান কৰে । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চৰকাৰে এইবাৰ ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত ২ লাখ অতিৰিক্ত নিযুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ ভিতৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ’চাইটি, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব লাভ কৰা কোম্পানী আদিক সামৰি লোৱা হৈছে ৷ ইতিমধ্যে এই ক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত এক বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে ৷
সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ অৰ্থে অসম চৰকাৰে গ্ৰহণ কৰিছে এলানি পদক্ষেপ ৷ সেই অনুসৰি আধাৰভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ডিবিটিৰ অধীনত হিতাধিকাৰী গাঁথনিৰ দ্বাৰা সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ’ব ৷ মহিলা সবলীকৰণ, লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহুবিবাহ কৰোৱা কোনো পুৰুষে চৰকাৰী কল্যাণমূলক আঁচনিৰ লাভ উঠাব নোৱাৰিব ৷ মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে চৰকাৰে ‘অসম সেৱা (অনুশাসন আৰু আবেদন) নিয়মাৱলী, ১৯৬৪’ ৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ ফলত কোনো চৰকাৰী কৰ্মচাৰীয়ে বহু বিবাহ কৰা বুলি প্ৰমাণ হ’লে তেওঁক আইন মতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব ৷
আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ মাহেকীয়া ধনৰাশি ৷ যোগ্য পৰিয়ালেহে যাতে এই আঁচনিৰ লাভ উঠাব পাৰে তাৰ বাবে চৰকাৰে যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ ‘অৰুণোদয় প্লাছ’ আঁচনিৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু বিধবা পেঞ্চন আঁচনি প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে ৷
ইফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচনকাৰ্ডধাৰী সকলে আগষ্ট মাহৰ পৰা লাভ কৰিব ৰেহাই মূল্যৰ মচুৰ দাইল আৰু চেনি ৷ মধ্য প্ৰাচ্যৰ সংঘাতৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাত ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ’ব আৰু বজাৰ মূল্যৰ সৈতে ই সংযোজিত হৈ থাকিব বুলি কয় বিত্তমন্ত্ৰীয়ে ৷ নিৰ্বাচনৰ আগত সুলভ মূল্যত মিঠাতেল প্ৰদানৰ যি প্ৰতিশ্ৰুতি চৰকাৰে দিছিল, সেই ক্ষেত্ৰত সম্ভাৱনীয়তা পৰীক্ষা কৰা হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে স্থানীয়ভাৱে উৎপাদিত সৰিয়হৰ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ লক্ষ্য লোৱা গৈছে ৷
শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থাপন লাভ কৰাৰ আগলৈকে স্নাতক ডিগ্ৰীধাৰীক মাহে ২৫০০ টকাকৈ প্ৰদানৰ জীৱন প্ৰেৰণা আঁচনিখন অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব চৰকাৰে । পূৰ্বৰ সময়ছোৱাত ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্ৰীধাৰীয়ে এই সুবিধা লাভ কৰিছিল ।
ইফালে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদানৰ ক্ষেত্ৰত এক ডাঙৰ ঘোষণা কৰিছে চৰকাৰে ৷ এইবছৰ প্ৰায় 18000 শিক্ষাৰ্থীয়ে এই বঁটাৰ অধীনত স্কুটী লাভ কৰিব ৷ কিন্তু অহা বৰ্ষৰ পৰা স্কুটী বিতৰণ প্ৰক্ৰিয়া বন্ধ কৰিব চৰকাৰে ৷ সেই ধন নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখনত ব্যয় কৰি ইয়াৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ পদক্ষেপ লৈছে চৰকাৰে ৷
অসমৰ সত্ৰ প্ৰতিষ্ঠানত থকা ৬২১ গৰাকী উদাসীন ভকতক মহিলী ১৫০০ টকাকৈ প্ৰদানৰ যি প্ৰক্ৰিয়া সেয়া অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব বুলি বাজেটত কোৱা হৈছে ৷ তদুপৰি ‘মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা’ৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ সাহায্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ এই আঁচনিৰ অধীনত পি এম-কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি ১১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷
অসম চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগ মেধাৱী শিক্ষাৰ্থীক জলপানি, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সহায় আগবঢ়াব ৷ ২০২৬-২৭ বিত্তীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে প্ৰায় ৩৭৫০০০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব ৷
আনহাতে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলক উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ ১৫০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰাখিব চৰকাৰে । এইচ আই ভিৰ দ্বাৰা প্ৰভাৱিত পৰিয়াললৈ পুনৰ আগবঢ়োৱা হ’ব সাহায্য ৷ এইডছ আক্ৰান্ত শিশু আৰু এইডছত প্ৰাণ হেৰুওৱা ৰোগীৰ বিধবা পত্নীক ১ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব ৷ প্ৰায় ১৪০ গৰাকী শিশু আৰু মহিলা ইয়াৰ দ্বাৰা উপকৃত হ’ব ৷
অসম মালাৰ ৪.০ ৰ অধীনত অসমত অহা পাঁচ বছৰত আনুমানিক ১০ হাজাৰ কোটি টকা ব্যয়েৰে প্ৰায় ৮০০ কিলোমিটাৰ উন্নত মানৰ পথ নিৰ্মাণ কৰা হ’ব ৷ ভাৰত চৰকাৰৰ সহযোগত ৫৫ হাজাৰ কোটিতকৈও অধিক টকাৰে আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম আৰম্ভ হৈছে ৰাজ্যত । ইয়াৰ ভিতৰত গুৱাহাটী ৰিং ৰোড, গ্ৰীণফিল্ড শিলচৰ হাই স্পীড কৰিড’ৰ, কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰ সুৰংগ আছে ৷
তদুপৰি ভাৰত চৰকাৰৰ সহযোগত ১৩,৮১২ কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে চাৰি লেনযুক্ত পথ নিৰ্মাণ প্ৰকল্প, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ ৩.৪২৩ কোটি টকা ব্যয়েৰে এলিভেটেড কৰিড’ৰ আৰু মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হ’ব ৷
প্ৰায় ১৪০০ কোটি টকা ব্যয়েৰে নিৰ্মিত যোৰহাট-মাজুলী সংযোগী দলং অহা ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে ৷ তেওঁ লগতে কয় যে ৩১৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পলাশবাৰী-শুৱালকুছি দলং, ৪৯৯৭ কোটি টকা ব্যয়েৰে নিৰ্মিত ধুবুৰী-ফুলবাৰী দলঙৰ কামো এই সময়ছোৱাতেই সম্পন্ন কৰা হ’ব ৷
শক্তিখণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে জলবিদ্যুৎ, সৌৰ শক্তি, তাপ বিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্ৰকল্পসমূহত 77,353 কোটিৰো অধিক টকা বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে ৷
জলসম্পদক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰাৰ বাবে গুৰুত্ব আৰোপ চৰকাৰৰ ৷ জলসিঞ্চনৰ বাবে বাবে উচ্চ চাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্ক ব্যৱস্থা গ্ৰহণ চৰকাৰৰ ৷ বৰাক, সোৱণশিৰি, মানাহ, কেঁকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদি নদীৰ পৰা খৰাং বতৰত জলসিঞ্চনৰ বাবে পৰীক্ষা চলোৱা হ’ব ৷ ইয়াৰ বাবে প্ৰায় ৩০০০ কোটিৰ পৰা ৪০০০ কোটি টকা খৰচ হ’ব । চলিত বৰ্ষত এই ব্যয়ৰ পৰিমাণ ২০০ কোটি ধাৰ্য কৰা হৈছে ।
অসম চৰকাৰে চাহ উদ্যোগৰ বাবে গ্ৰহণ কৰিছে বিশেষ উদগনি আঁচনি ৷ ইয়াৰ দ্বাৰা চাহ খেতিয়কসকলক সহায় কৰা হ’ব ৷ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিৰ বাবে অৰ্থডক্স চাহ আৰু বিশেষ শ্ৰেণীৰ চাহত মাট্চা চাহক অন্তৰ্ভুক্ত কৰা হৈছে ৷ অৰ্থডক্স আৰু বিশেষ চাহ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্ৰতি কেজিত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰা হৈছে । তদুপৰি স্বীকৃত ৰপ্তানি মাধ্যমৰ জৰিয়তে পোনপটীয়া ৰপ্তানি কৰা উৎকৃষ্ট মানৰ অসমৰ চি টি চি চাহৰ বাবে প্ৰতি কেজিত 3 টকাকৈ এক নতুন ৰাজসাহায্য প্ৰৱৰ্তন কৰা হ’ব ৷
ৰাজ্যৰ প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ এমবিবিএছ ডাক্তৰ থাকিব । তেওঁলোকক এএনএম আৰু জিএনএম-এ সহায় আগবঢ়াব । সমগ্ৰ দেশৰ ভিতৰত এইটো প্ৰথম পদক্ষেপ হ’ব ৷ অসমত ১৪ খন চিকিৎসা মহাবিদ্যালয় আছে, বৰ্তমান ১০ খনৰ নিৰ্মাণ কাৰ্য চলি আছে । পুনৰ চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে ৷ ফলত অসমৰ মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৮ খনলৈ বৃদ্ধি পাব । অহা পাঁচ বছৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ’ব অভিলাষী পদক্ষেপ । এখন জিলাত এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় থাকিব । ইয়াৰ ফলত গুণগত উচ্চ শিক্ষাৰ সুবিধা নিশ্চিত কৰা হ’ব ৷
মিছন বসুন্ধৰাৰ তিনিটা পৰ্যায়ত ৪.৫৩ লাখ বিঘা ভূমিৰ ওপৰত ৩.৫৬ লাখ পৰিয়ালক মালিকীস্বত্ব প্ৰদান কৰা হৈছে । মিছন বসুন্ধৰা ৪ ৰ জৰিয়তে বৰাক উপত্যকা, মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব । কমেও তিনিটা প্ৰজন্মই অসমত বাস কৰা পৰিয়ালৰ সদস্যকহে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰা হ’ব ।
ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্ৰায় ১ লাখ হিতাধিকাৰীক সুতবিহীন ঋণ প্ৰদান কৰা হৈছে । বাকী থকা যোগ্য হিতাধিকাৰীয়ে এই বছৰতেই ঋণ লাভ কৰিব । মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে ।
অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনি দুখনৰ ম্যাদ পাঁচ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ । বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য ৪ শতাংশলৈ বৃদ্ধি । চৰকাৰী কৰ্মচাৰীয়ে পিতৃত্বকালীন ছুটি লাভ কৰিব । দুসপ্তাহৰ বাবে পিতৃত্বকালীন ছুটি প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত । ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে ৫০ শতাংশ পেঞ্চনৰ সুবিধা প্ৰদানৰ প্ৰস্তাৱ ।
প্ৰতিজন বিধায়কৰ বাবে উন্নয়ন পুঁজি ২০২৬-২৭ বৰ্ষৰ বাবে ১.৫ কোটি টকালৈ বৃদ্ধি । ২০২৭-২৮ বৰ্ষৰ পৰা এই পুঁজি ২ কোটি হব । এই আৱণ্টনৰ ১০ শতাংশ পুঁজি সমূহীয়া প্ৰয়োজন অনুসৰি জৰুৰীভাৱে পূৰণ কৰা জনকল্যাণমূলক সহায়ৰ বাবে আছুতীয়াকৈ ৰখা হব ।
জল জীৱন অভিযানৰ আন্তঃগাঁথনি সম্পূৰ্ণ কৰা তথা অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে কাম কৰিব । অহা পাঁচ বছৰৰ ভিতৰত খোৱাপানী যোগান আন্তঃগাঁথনি উন্নয়নৰ বাবে বেংকৰ সাহায্য গ্ৰহণ কৰিব । ২০৩০-৩১ বৰ্ষৰ ভিতৰত অসমত মৎস্য উৎপাদন ১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ । কণীৰ উৎপাদন 60 লাখলৈ বৃদ্ধিৰ লক্ষ্য ৷ দুগ্ধ উৎপাদনৰ বাবে 500 কোটি টকা ব্যয় সাপেক্ষে দুগ্ধ সম্প্ৰসাৰণ অভিযান আৰম্ভ কৰা হ’ব ৷ মাংসৰ উৎপাদন বৃদ্ধিৰ বাবে হাঁহ-কুকুৰা, গাহৰি পালন ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্য ৷
অসমৰ মুগা সূতাক বিশ্বমুখী কৰাৰ মানসেৰে ড’নাৰ মন্ত্ৰণালয়ৰ সহযোগত অসম চৰকাৰে ৪০০ কোটি টকা ব্যয়েৰে মিছন চেনেহজৰী নামেৰে তিনি বছৰীয়া পদক্ষেপ আৰম্ভ কৰিছে । ৮.৪৪ কোটি টকা ব্যয়েৰে ঢকুৱাখনাত এখন মুগা ৰেচম পৰ্যটন উদ্যান আৰু ১০ কোটি টকা ব্যয়েৰে ধেমাজিত এটা মুগা স্পান মিল স্থাপন কৰা হ’ব । ২০২৮ চনৰ ভিতৰত আধুনিক সূতা-কটা আন্তঃগাঁথনি স্থাপন কৰাৰ লগতে মুগা উৎপাদকসকলক ১১৮০ টা ফাৰ্মাৰ্ছ ইণ্টাৰেণ্ট গ্ৰুপ আৰু ৩০ টা কৃষক উৎপাদক সংস্থা স্থাপন কৰা হ’ব ৷
গুৱাহাটীত ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক স্থাপনৰ বাবে ২৫০০ কোটি টকাৰ প্ৰকল্প ঘোষণা । ইয়াৰ প্ৰথম পৰ্যায়ত পাঁচটা অঞ্চল সামৰি আৰডিএছএছ আঁচনিৰ অধীনত ২০০ কোটি টকা ব্যয় কৰা হ’ব ৷ এই পাঁটটা অংশ হৈছে- পল্টন বজাৰ স্কোৱেৰ, পল্টন বজাৰৰ পৰা ভৰলুমুখলৈ এ টি ৰোড, ভৰলুমুখৰ পৰা পদুমপুখুৰীলৈ এম জি ৰোড, পল্টন বজাৰৰ পৰা জিএমচিএইচ লৈ জি এছ ৰোড, ভঙাগড়ৰৰ পৰা অসম সচিবালয়লৈ জি এছ ৰোড ৷
অসম চৰকাৰে গুৱাহাটীত ৰিং ৰোডৰ ওপৰেৰে বাবে কাষেৰে মেট’ ৰে’ল লাইন স্থাপনৰ বাবে পৰ্যালোচনা কৰিছে ৷ ইয়াৰ উদ্দেশ্য উপগ্ৰহীয় চহৰসূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰে’ল যোগাযোগ ব্যৱস্থাক সামৰি লোৱা ৰিং ৰোডৰ চাৰিওকাষে যানজঁট হ্ৰাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা ৷
উল্লেখ্য যে শুকুৰবাৰে বাজেট দাখিলৰ পাছতেই বিধানসভাৰ কাম-কাজ স্থগিত ৰখা হয় ৷ আগন্তুক সময়ত বিধানসভাত বাজেট সম্পৰ্কে আলোচনা কৰা হ’ব ৷ বিৰোধীয়ে এই বাজেটক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয় ৷

