গুৱাহাটী, অসম | ২০ জুলাই, ২০২৬: অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰমাণভিত্তিক ফিজিঅ’থেৰাপি আৰু সামগ্ৰিক পুনৰ্বাসন সেৱা অধিক সহজলভ্য কৰাৰ দিশত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে মণিপুৰৰ অন্যতম আগশাৰীৰ আৰু বিশ্বাসযোগ্য ফিজিঅ’থেৰাপি তথা পুনৰ্বাসন প্ৰতিষ্ঠান প্ৰ’ হেল্থ ফিজিকেল থেৰাপি এণ্ড ৰিহেবিলিটেচন ক্লিনিকে। সেই পদক্ষেপৰ অংশ হিচাপে গুৱাহাটীত প্ৰতিষ্ঠানটোৰ নতুন শাখাৰ আনুষ্ঠানিক উদ্বোধন কৰে নেডফিৰ উপ-মহাপ্ৰবন্ধক (ডিজিএম) প্ৰশান্ত কুমাৰ তালুকদাৰে। নতুন শাখাটোৰ সূচনাৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰমাণভিত্তিক ফিজিঅ’থেৰাপি আৰু বিস্তৃত পুনৰ্বাসন সেৱাৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্পৰ্শ কৰে প্ৰতিষ্ঠানটোৱে।
উল্লেখ্য যে, ৰোগীকেন্দ্ৰিক পুনৰ্বাসন সেৱা আগবঢ়োৱাৰ বাবে ইতিমধ্যে বিশেষ সুনাম আৰু বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰ’ হেল্থে। হাজাৰ হাজাৰ লোকক শাৰীৰিক গতিশীলতা পুনৰ ঘূৰাই পোৱাত, বিষ-যন্ত্ৰণা হ্ৰাস কৰাত আৰু পুনৰ স্বাভাৱিক দৈনন্দিন জীৱনলৈ উভতাই অনাত সহায় কৰি অহা প্ৰতিষ্ঠানটোৱে গুৱাহাটীত গুণগত মানসম্পন্ন ফিজিঅ’থেৰাপি সেৱাৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ লক্ষ্য লৈ নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিছে।
মন কৰিবলগীয়া যে, বৰ্তমানৰ ব্যস্ত জীৱনশৈলীৰ ফলত হাড়-মাংসপেশীজনিত সমস্যা, ক্ৰীড়াজনিত আঘাত, অস্ত্ৰোপচাৰৰ পিছৰ জটিলতা, স্নায়ুজনিত ৰোগ আৰু দীৰ্ঘদিনীয়া বিষ-যন্ত্ৰণাৰ দৰে স্বাস্থ্যসমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। সময়মতে চিকিৎসা নকৰা, বিষনাশক ঔষধৰ ওপৰত দীৰ্ঘদিন নিৰ্ভৰশীল হৈ থকা অথবা বিশেষজ্ঞ পুনৰ্বাসন সেৱা সহজে লাভ নকৰাৰ ফলত বহু লোকে আজিও এই সমস্যাবোৰৰ সৈতে জীৱন কটাবলগীয়া হৈছে। এই ব্যৱধান দূৰ কৰাৰ লক্ষ্য লৈ বৈজ্ঞানিক পদ্ধতি, ব্যক্তিকেন্দ্ৰিক মূল্যায়ন আৰু সুস্পষ্ট আৰোগ্য লক্ষ্যৰ ভিত্তিত চিকিৎসা পৰিকল্পনা আগবঢ়ায় আহিছে প্ৰ’ হেল্থে। কেৱল উপসৰ্গ নিয়ন্ত্ৰণতেই সীমাবদ্ধ নাথাকি, বিষ-যন্ত্ৰণাৰ মূল কাৰণ চিনাক্ত কৰি সেই অনুসৰিয়েই চিকিৎসা প্ৰদানত প্ৰতিষ্ঠানটোৱে গুৰুত্ব আৰোপ কৰে।
ডিঙি আৰু পিঠিৰ বিষ, কান্ধৰ জঠৰতা, বাতবিষ, ক্ৰীড়াজনিত আঘাত, লিগামেণ্ট আৰু টেণ্ডনৰ আঘাতৰ বাবে বিশেষায়িত পুনৰ্বাসন সেৱা প্ৰদান কৰা হ’ব এই ক্লিনিকখনত। একেদৰে হাড় ভঙাৰ পিছৰ পুনৰ্বাসন, গাঁঠি সলনি আৰু মেৰুদণ্ডৰ অস্ত্ৰোপচাৰৰ পিছৰ পুনৰুদ্ধাৰ, ষ্ট্ৰ’কৰ পিছৰ পুনৰ্বাসন আৰু বিভিন্ন স্নায়ুজনিত সমস্যাৰ চিকিৎসাও ইয়াত প্ৰদান কৰা হ’ব। ভাৰসাম্য ৰক্ষা আৰু খোজ-কঢ়াৰ প্ৰশিক্ষণ, জ্যেষ্ঠ নাগৰিকৰ পুনৰ্বাসন, মহিলাৰ ফিজিঅ’থেৰাপি আৰু এৰ্গ’নমিক পৰামৰ্শও ক্লিনিকখনৰ বিশেষ সেৱাৰ অন্তৰ্ভুক্ত। প্ৰতিজন ৰোগীৰ শাৰীৰিক অৱস্থা, জীৱনশৈলী আৰু আৰোগ্যৰ লক্ষ্য মূল্যায়ন কৰিহে সেই অনুসৰি চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰে বিশেষজ্ঞসকলে।
গুৱাহাটীত নতুন শাখা মুকলি কৰাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানসম্পন্ন পুনৰ্বাসন সেৱা অধিক সহজলভ্য কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰিছে ‘প্ৰ’ হেল্থে। একে লগে সময়মতে চিকিৎসা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা আৰু প্ৰতিৰোধমূলক ফিজিঅ’থেৰাপিৰ উপকাৰিতা সম্পৰ্কে জনসচেতনতা গঢ়ি তোলাতো প্ৰতিষ্ঠানটোৱে সমান গুৰুত্ব দিছে। আঘাত বা অস্ত্ৰোপচাৰৰ পিছৰ পুনৰ্বাসন, স্নায়ুজনিত ৰোগ অথবা দীৰ্ঘদিনীয়া বিষ-যন্ত্ৰণাৰ চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলক এই ক্লিনিকত অভিজ্ঞ ফিজিঅ’থেৰাপি বিশেষজ্ঞই তেওঁলোকৰ শাৰীৰিক অৱস্থা, জীৱনশৈলী আৰু আৰোগ্যৰ লক্ষ্য অনুসৰি ব্যক্তিকেন্দ্ৰিক চিকিৎসা আৰু পুনৰ্বাসন সেৱা আগবঢ়ায়।

