গুৱাহাটীৰঃ তুৰস্কৰ ৰাজধানী ইস্তানবুলত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেণ্ট কাপ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় বক্সিং দলৰ সৈতে গুৱাহাটীৰ প্ৰতিভাৱান বক্সাৰ আকাশ কছাৰী ৰাওনা হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ বহু দেশৰ শীৰ্ষ বক্সাৰে অংশগ্ৰহণ কৰিব।
আকাশ কছাৰীৰ এই সাফল্যে অসম তথা গুৱাহাটীৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰাজ্যবাসীয়ে শুভেচ্ছা জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ নাম উজ্জ্বল কৰিব বুলি আশা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে অসম এমেচাৰ বক্সিং সংঘৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈও টিমৰ সৈতে টেকনিকেল বিষয়া হিচাপে ইস্তানবুললৈ ৰাওনা হৈছে। এই প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰসকলে উন্নত প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ক্ৰীড়াপ্ৰেমীসকলে আশা ব্যক্ত কৰিছে।

