
নিউজ ব্যুৰ’,নগাঁও,১৩জুন:–দিল্লী আৰু পঞ্জাৱৰ এটা তীৰ্থযাত্ৰীৰ দল সোমবাৰে অসমীয়া শিখ প্ৰধান অঞ্চল ৰূপে খ্যাত নগাঁও জিলাৰ বৰক’লাৰ ঐতিহাসিক গুৰুদ্বাৰ চাহিবত আহি উপস্থিত হয় । পঞ্জাৱত ট্ৰেক্টৰৰে কৃষিকাৰ্য কৰাৰ বিপৰীতে অসম তথা বৰক’লাৰ কৃষকে এতিয়াও ঠায়ে ঠায়ে গৰুৰে হালবাই কৃষিকাৰ্য কৰে । বৰক’লাত এই দৃশ্য প্ৰত্যক্ষ কৰি তেওঁলোক মোহিত হয় । তদুপৰি অসমৰ কলা-সংস্কৃতি,ৰীতি-নীতি বিষয়ে অৱগত হৈ তেওঁলোক আনন্দিত হয় । সুদূৰ দিল্লী আৰু পঞ্জাৱৰ পৰা তীৰ্থযাত্ৰী দলটোৱে উৎকট গৰমটো কেঁচা আলিয়েদি সমদল কৰি অনাবিল আনন্দ উপভোগ কৰে । এই দৃশ্য আছিল নান্দনিক । বৰক’লাৰ প্ৰাচীন আৰু ঐতিহাসিক বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰ চাহিবত তীৰ্থযাত্ৰীৰ দলটিয়ে কীৰ্তন পাঠ কৰে । পুৰুষ-মহিলা,শিশু শিল্পীৰ দলটিয়ে কীৰ্তন চবত কৰি কেন্দ্ৰীয় গুৰুদ্বাৰত সকলোকে মোহিত কৰে । পঞ্জাৱৰ ইন্দ্ৰপাল সিং আৰু দিল্লীৰ হৰজিন্দ সিঙৰ নেতৃত্বত অহা পুৰুষ-মহিলা,যুৱক-যুৱতী আৰু শিশুকে ধৰি ১৫০জনীয়া দলটিক বৰক’লা কেন্দ্ৰীয় গুৰুদ্বাৰ প্ৰবন্ধক কমিটীৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।গুৰুদ্বাৰ প্ৰৱন্ধক কমিটীৰ সম্পাদক প্ৰতাপ সিঙে আঁত ধৰা অনুষ্ঠানটিত কমিটীৰ সভাপতি গুৰমুখ সিঙৰ লগতে ললিত সিং,ডাঃ নাৰায়ণ সিং,ৰঞ্জু সিং, বলবিন্দৰ সিং,চন্দন সিং,বলদেৱ সিং, জ্ঞানী মনফুল সিং,জ্ঞানী জছবিৰ সিং, অমৰ সিং,ৰাণা সিং,অৱতাৰ সিং আদিয়ে অংশগ্ৰহণ কৰে । তীৰ্থযাত্ৰীৰ দলটিয়ে যুগ যুগ ধৰি অসমত বসবাস কৰা অসমীয়া শিখসকলে অসমীয়া জাতিৰ সৈতে মিলি অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ অৱদান আগবঢ়োৱা পদক্ষেপৰ শলাগ লয় আৰু বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে । ইয়াৰ পাছত ১৫০জনীয়া দলটি নগাঁৱৰ আন আন গুৰুদ্বাৰলৈকো যায় ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

