Site icon Guwahati Times

উৎকোচ লৈ দূৰ্নীতি নিবাৰক শাখাৰ জালত ভূৰাগাঁৱৰ লাট মণ্ডল জালালুদ্দিন।

পুনৰ এজন খকুৱা লাট মণ্ডল পৰিল দূৰ্নীতি নিবাৰক শাখাৰ জালত । আজি উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ লাট মণ্ডল। আজি দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰা লাট মণ্ডলজনৰ নাম জালালুদ্দিন শেখ। আজি ৰাতিপুৱা মৰিগাঁও নগৰৰ ভাড়া ঘৰত লাট মণ্ডল জালালুদ্দিনে ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই দূৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰিবলৈ সক্ষম হয়। ইটা ভাটাৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ভূঞাবাৰী গাঁৱৰ ফাইজুদ্দিন নামৰ লোকজনৰ পৰা ধৃত লাট মণ্ডল জালালুদ্দিনে ৫লাখ টকা দাবী কৰিছিল। কিন্তু কপাল বেয়া আছিল ধৃত লাট মণ্ডল জালালুদ্দিনৰ। আজি আগধন ২০ হাজাৰ লবলৈ যাওঁতে দূৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হব লগা হল। উল্লেখ্য যে ধৃত লাট মণ্ডল জালালুদ্দিন ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত বিগত কেবা বছৰ ধৰি কৰ্মৰত হৈ আছিল। পূৰ্বৰে পৰা ধৃত লাট মণ্ডল জালালুদ্দিনৰ বিৰুদ্ধে একাংশ সহজ সৰল লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।

Exit mobile version