কালি ঘোষিত নিট পৰীক্ষাত লখিমপুৰ জিলাৰ ধলপুৰৰ মেধাবী ছাত্ৰ ৰনোজ জ্যোতি বৰুৱাই সাফল্য অৰ্জন কৰে ৷ ৰনোজ ধলপুৰ জামুগুৰিৰ নিবাসী তথা নামনি সোৱণশিৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভৱকান্ত বৰুৱা আৰু ৰিতামণি হাজৰিকা বৰুৱাৰ কনিষ্ঠ পুত্ৰ ৷ উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰনোজে ৫৮৮ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছিল ৷ ইয়াৰ পাছতে নগাঁও স্থিত ৰামানুজন কনিষ্ঠ মহাবিদ্যালত বিজ্ঞান শখাত অধ্যয়ন কৰে ছাত্ৰ গৰাকীয়ে ৷ সৰুৰে পৰা চিকিৎসক হোৱাৰ হেপাঁহ থকা ৰনোজ পোনপ্ৰথমবাৰ নিট পৰীক্ষাত অবৰ্তীণ হৈ ৬১৬ নম্বৰ লাভ কৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে যোগ্যতা অৰ্জন কৰে ৷ অতি অমায়িক আৰু অধ্যয়ন পিপাসু ৰনোজৰ নিটৰ ফলাফলত স্থানীয় ৰাইজ আৰু সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ৷
নিটট সু-খ্যাতিৰে উত্তীৰ্ণ ধলপুৰৰ ৰনোজ জ্যোতি বৰুৱা

